শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ডিচেম্বৰঃ বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন বামুণ দলনি ৰঙানদী সাংস্কৃতিক প্ৰকল্গত দুদিনীয়া কাৰ্যসূচীৰে ৩ আৰু ৪ডিচেম্বৰত অনুস্থিত হৈ যায় । প্ৰথম দিনা কাৰ্যসূচী মতে পুৱা গছ-পুলি ৰোপণৰ পাছতে পুৱা ৯ বজাত জিলা সমিতিৰ পতাকা উত্তোলন কৰে জিলা সভাপতি চক্ৰধৰ সোনোৱালে।দুপৰীয়া ১১ বজাৰ পৰা কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য কুশৰাম সোনোৱালৰ সঞ্চালনাত হুঁচৰি আৰু মুকলি বিহুৰ পাৰ্থক্য আৰু বিচাৰকৰ ভূমিকা সম্পৰ্কে এক মনোজ্ঞ আলোচনা চক্ৰ অনুস্থিত হয়। মুখ্য আলোচক হিচাবে অৎশ গ্ৰহণ কৰে কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য ভবেন হাজৰিকাই। জিলা সভাপতি চক্ৰধৰ সোনোৱাল আৰু মুনিন্দ্ৰ শইকীয়াই আলোচক হিচাপে অৎশ গ্ৰহণ কৰে । আলোচক সকলে নানা অভিজ্ঞ ব্যক্তি সকলৰ উদ্ধৃতি দি কয় যে হুঁচৰি ডেকা-বুঢ়া ল’ৰা পুৰুষৰ অনুস্থান । ইয়াত মহিলাৰ স্থান নাই ।গৃহস্থৰ চোতালত গাভৰু নাচনী লৈ অতীতত হুঁচৰি গোৱা নাছিল ।গতিকে মঞ্চত হুঁচৰি প্ৰদৰ্শিত হলে এই অতীত পৰম্পৰা ৰক্ষা কৰাটো বাঞ্ছনীয়।অন্যহাতে মুকলি বিহু ডেকা-গাভৰুৰ অনুস্থান ।গতিকে এইবিহু যৌৱন প্ৰাপ্ত সমান সমান ডেকা-গাভৰুৱে অংশ গ্ৰহণ কৰিব লাগে ।এই বিহু ইজনে সিজনৰ মনৰ ভাৱ মুকলি মনেৰে প্ৰকাশ কৰি বিহু গোৱা হয় বাবে ইয়াক মুকলি বিহু বুলি কোৱা হয় ।অন্যহাতে বিহু বিচাৰক সকল নিৰপেক্ষ আৰু অভিজ্ঞপুষ্ট হব লাগে ।তেখেত সকলৰ গভীৰ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে । দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত অন্তৰঙ্গ আলাপ অনুস্থানটি আঁত ধৰে জিলা সভাপতি চক্ৰধৰ সোনোৱালে ।মহিলা সকলে জাউৰি-জাউৰি বিয়া নামেৰে প্ৰথম আৰম্ভণি কৰে। নিজৰ মনৰ বতৰা দি লক্ষ্যজিৎ তামুলী ফুকন, ইন্দ্ৰজিত টায়েগাম, বুদ্ধ কায়স্থ ৰেণুমনি গগৈ আদিয়ে নিজৰ নিজৰ বক্তব্য ৰাখে। ঢকুৱাখনাৰ জীৱন চমুৱাই বিহু নামেৰে সকলোকে আনন্দ দিয়ে।দিনৰ ১২ বজাৰ পৰা মুকলি সভা আৰম্ভ হয় ।সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি চক্ৰধৰ সোনোৱালে । সভাখনি উদ্বোধন কৰে কেন্দ্ৰীয় উপ-সভাপতি অতুল দত্তই । জিলাৰ মুখপত্ৰ উন্মোচন কৰি অৱসৰ প্ৰাপ্ত জিলা শিক্ষা বিষয়া ড° ৰমেশ চন্দ্ৰ চুতীয়াই লখিমপুৰত অতীজত বিহু কেনে আছিল তাৰ এটা সম্যক ধাৰণা দিয়ে। লোকশিল্গীৰ দস্তাবেজ উন্মোচন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ সেনাপতিয়ে ।নিদিষ্ট বক্তাৰ ভাষণত শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজোতি গগৈয়ে অতি প্ৰাঞ্জল তথা সাৱলীল ভাষাৰে আজিৰ পৰা ৫০বছৰৰ আগৰ পৰা দেখি অহা বিহু তথা বিহু নামৰ সম্পৰ্কে বহল ব্যাখ্যা দাঙি ধৰে ।তেখেতে শিক্ষা সংসদৰ সচিব হৈ থাকোতেই বিহু বিষয়টো উচ্চতৰ মাধ্যকত ঐচ্ছিক বিষয় হিচাবে মহা বিদ্যালয়ত প্ৰচলন কৰা ব্যৱস্থা লোৱাৰ কথা সভাত অৱগত কৰে ।বিশিষ্ট অতিথি ভাষণত বিদ্যায়তনিক বিভাগৰ সঞ্চালক প্ৰমোদ বৰুৱা, মহিলা মঞ্চৰ মুখ্য আহবায়িকা ৰেণুমনি গগৈয়েও ভাষণ ৰাখে।সভাত মহিলা মঞ্চৰ সদস্যা সকলে এটি দিহা নাম পৰিবেশন কৰে।পুৰণি বিহু নাম প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পুৰস্কৃত হোৱা সকলক বঁটা প্ৰদান কৰা হয় ।