বীৰ লাচিত সেনাৰ তিনি সৈনিকক বহিষ্কাৰ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ তিনি সৈনিকক আজিৰে পৰা কাৰ্যকৰি হোৱাকৈ সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ এক বিজ্ঞপ্তিৰ জৰিয়তে বীৰ লাচিত সেনা, অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্তই জনোৱা অনুসৰি সংগঠনটোৰ সংবিধান বিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকাৰ বাবে লখিমপুৰ জিলাৰ সমিতিৰ প্ৰাক্তন প্ৰচাৰ সচিব ইমৰাণ খান, চাবতি আঞ্চলিক সমিতিৰ প্ৰাক্তন সচিব মিজানুৰ ৰহমান আৰু বৰ্তমানৰ জিলা সমিতিৰ যুটীয়া সাংগঠনিক সচিব মুকিবুৰ হুছেইন [মাইনা অসম] ক সংগঠনৰ বিষয়বাব তথা প্ৰাথমিক সৈনিকৰ পৰাও বহিষ্কাৰ কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.