বৃদ্ধি পাব বিমান ভাৰা ! ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিণতি

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মে’ : এয়াৰ লাইন্সৰ মুঠ খৰচৰ প্রায় ৪০ শতাংশই ইন্ধন ব্যয়। ফলত ইন্ধনৰ দাম বৃদ্ধি মানেই যে উৰণ উদ্যোগত যে তীব্র প্রভাৱ পৰে সেয়া ক’বলৈ যোৱাটো মাথোঁ বাহুল্য। বাঢ়িছে বিমানৰ ইন্ধনৰ দাম। আৰু সেই কাৰণেই বাঢ়িব পাৰে বিমানৰ টিকটৰ মূল্য। নতুন দিল্লীত এভিয়েচন টাৰবাইন ইন্ধনৰ (ATF) দাম ৫ শতাংশ বাঢ়িছে। মিন্টৰ ৰিপর্ট অনুযায়ী, জাতীয় ৰাজধানীখনত এটিএফৰ দাম এতিয়া লিটাৰে প্রতি ১২৩.০৩ টকা। ২০২২ চনৰ আৰম্ভণিৰে পৰা জেট ফুৱেলৰ দাম প্রতি সপ্তাহে বাঢ়িছে। ১ জানুৱাৰীৰ পৰা বিমানৰ ইন্ধনৰ দাম ৫০ শতাংশৰো বেছি বাঢ়িছে। ফলত পৰিস্থিতি চম্ভালিবলৈ টিকটৰ মূল্য বঢ়াবলৈ বাধ্য হ’ব পাৰে বিমান সংস্থাসমূহ।

মন্তব্য দিয়ক

Your email address will not be published.