বৃদ্ধ নাগৰিকক নিৰ্যাতনৰ অভিযোগ

হোজাই জিলা উপায়ুক্তক নিলম্বন

0 22
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বিত কৰা হৈছে পিতৃ-পুত্ৰৰ যুটিক মদ্যপান কৰি নিৰ্যাতন চলোৱাৰ অভিযোগত। স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়াৰ পিছতে অসম চৰকাৰে তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮ ছেপ্টেম্বৰৰ নিশা হোজাইৰ উপায়ুক্ত অনুপম চৌধাৰী আৰু এডিচি ৰক্তিম বৰুৱাক নিলম্বনৰ নিৰ্দেশ দিয়ে। খবৰ অনুসৰি পিতৃ-পুত্ৰ যুটিটোক আক্ৰমণ কৰাৰ সময়ত দুয়োজনেই মদ্যপান কৰিছিল যদিও প্ৰথমতে কেনেকৈ এই কাণ্ড আৰম্ভ হৈছিল তাৰ কাৰণ জানিব পৰা হোৱা নাই। উপায়ুক্তৰ চৰকাৰী বাসগৃহৰ সন্মুখত এই ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই কয় যে সাধাৰণ জনতাক আক্ৰমণ কৰাটো এক অসহনীয় কাৰ্য আৰু এনে কাৰ্যৰ সন্ধান পোৱাৰ লগে লগে কঠোৰভাৱে ব্যৱস্থা লোৱা হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.