শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰঃ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ উল্লেখ্য যে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই আখৰে আখৰে ফলিয়াবলৈ আৰম্ভ কৰিছে ৷ সেয়েহে অসমৰ মূৰৰ ওপৰত জলবোমা সদৃশ এই নদীবান্ধৰ বিৰোধিতাৰে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰা এই প্ৰতিবাী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক নিখিল কোঁচ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহাই, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ, সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাকে আদি কৰি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আটাইকেইখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ উপৰি বিষয়ববীয়াসকল৷ কার্যসূচীৰ জৰিয়তে শীঘ্ৰে বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰি উন্নয়নৰ হেতুকে কিছুমান সৰু সৰু বান্ধ নিৰ্মাণৰ দাবী জনোৱা হয়৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহায়ে শীঘ্ৰে এই কাম বন্ধ নকৰিলে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে জিলা ছাত্ৰ সন্থাই নিজাববীয়াকৈ কার্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে ৷
