শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ এজন যুৱকে মহিলা সুৰক্ষাৰ বাবে কেইবাটাও আধুনিক সঁজুলি তৈয়াৰ কৰি শ্বেলফত ৰাখিছে। তেওঁৰ এই উদ্ভাৱনে বহুতৰে মন কাঢ়িছে। তেওঁৰ নতুন বেগ, লিপষ্টিক আৰু জোতাৰ ডিজাইন এতিয়া চৰ্চিত হৈ পৰিছে। এই তিনিটা প্ৰসাধন সামগ্ৰীৰ ভিতৰত গোপন বন্দুক থাকে। এগৰাকী মহিলাই বিপদৰ সময়ত নিজকে ৰক্ষা কৰিবলৈ এই তিনিটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে। উত্তৰ প্ৰদেশৰ বাসিন্দা শ্যাম চৌৰছিয়াই বন্দুকৰ সৈতে অত্যাধুনিক বেগ, লিপষ্টিক আৰু জোতা তৈয়াৰ কৰিছে। শ্যামে যি বেগ বনাইছে তাৰ এফালে বন্দুকৰ নলী আছে। আনফালে ৰঙা বুটাম এটা আছে। কোনো মহিলাই বিপদ হ’লে ৰঙা বুটামটো টিপিলে জোৰেৰে বন্দুকৰ গুলীৰ শব্দ হ’ব। জানিব পৰা মতে, বন্দুকটোৱে প্ৰকৃততে গুলী নকৰিলেও শব্দৰ বাবে মহিলাগৰাকীৰ বিপদৰ বিষয়ে চৌপাশৰ লোকসকল সচেতন হ’ব। শ্যামে লিপষ্টিক আৰু জোতাতো বন্দুকৰ ডিজাইন ব্যৱহাৰ কৰিছে। এনে ক্ষেত্ৰত ৰঙা বুটাম এটা টিপিলে বন্দুকৰ শব্দ আৰম্ভ হ’ব। যদি কোনো মহিলা বিপদত পৰে তেন্তে বুটাম টিপিলে লগে লগে ফোনটো ১১২ নম্বৰলৈ যাব। শ্যামে তেওঁ সৃষ্টি কৰা ডিভাইচসমূহ ব্লুটুথৰ জৰিয়তে ফোনটোৰ সৈতে সংযোগ কৰিব পৰা যাব বুলিও জানিবলৈ দিয়ে। এবাৰ চাৰ্জ কৰাৰ পিছত ১৪ দিনৰ বাবে এই ডিভাইচসমূহ ব্যৱহাৰ কৰিব পাৰিব। সম্প্ৰতি এই যন্ত্ৰসমূহৰ মূল্য ২৪৯৭ টকা নিৰ্ধাৰণ কৰা হৈছে।আব্দুল কালাম বিশ্ববিদ্যালয়ৰ সহায়ত শ্যামে এই যন্ত্ৰসমূহ বিক্ৰী কৰাৰ প্ৰয়াস কৰিছে।