বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ শোক প্ৰকাশ

0 34

গুৱাহাটী, ২২ অক্টোবৰ : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। আজি এক শোকবাৰ্তাত মন্ত্ৰী মহন্তই উল্লেখ কৰে, ‘শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ বশিষ্ঠ দেৱশৰ্মাদেৱৰ বিয়োগৰ খবৰে আমাক মৰ্মাহত কৰি তুলিছে। আধ্যাত্মিকতা আৰু সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক দেৱশৰ্মাদেৱে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈ গৈছে। অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ সময়তো তেখেতে সদায়ে জাতীয় সত্বাৰ পক্ষত বলিষ্ঠ আৰু সৰব ভূমিকা গ্ৰহণ কৰিছিল। তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ বৈকুণ্ঠগামী পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিছো। এই বিষাদৰ মুহূৰ্তত বৰপেটা সত্ৰৰ শোকসন্তপ্ত ভক্ত-বৈষ্ণৱসকলৰ প্ৰতিও গভীৰ সমবেদনা জনাইছো।’ একেটা শোকবাৰ্তাতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰৰ বুঢ়া-সত্ৰাধিকাৰগৰাকীৰ অসুস্থতাৰ সময়ত চিকিৎসা সেৱা আগবঢ়োৱা গুৱাহাটী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসকসকলৰ শলাগ লয়। মন্ত্ৰী মহন্তই কয়, ‘আমাৰ গুৱাহাটী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসকসকলে অত্যন্ত নিষ্ঠাৰে বহুদিন ধৰি শ্ৰদ্ধেয় বুঢ়া সত্ৰীয়া দেৱশৰ্মাদেৱৰ চিকিৎসা সেৱাত জড়িত হৈ আহিছিল। ইয়াৰ বাবে দুয়োখন চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসকললৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।’

মন্তব্য দিয়ক

Your email address will not be published.