শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুলাইঃ উত্তৰ-পূৱ ভাৰতৰ ভূগোল সংস্থাৰ অসমীয়া ভাষাৰ একমাত্ৰ ভূগোল বিষয়ক আলোচনী ‘ভৌগোলিকা’ৰ ২১ সংখ্যক সংখ্যাটি আজি ভট্টদেৱ বিশ্ববিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহত উন্মোচন হৈ যায়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ তত্বাৱধানত প্ৰকাশ হোৱা এই আলোচনীখনৰ উন্মোচনী সভাত সভাপতিত্ব কৰে বিভাগীয় মুৰববী অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰে। সভাত উন্মোচকৰ আসন অলংকৃত কৰে উত্তৰ-পূৱ ভাৰত ভূগোল সন্থাৰ সভাপতি অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক বিৰিঞ্চিকুমাৰ দাস আৰু আমন্ত্ৰিত অতিথি ড° ভূপেন্দ্ৰ তালুকদাৰে।
উন্মোচনী সভাৰ অনুষ্ঠানটি নিমন্ত্ৰিত অতিথিসকলৰ সম্বৰ্ধনা কাৰ্যসূচীৰে আৰম্ভ হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ড° জ্যোতিস্ময় বৰাই। আলোচনীখনৰ বিষয়ে দুআষাৰ কৈ অনুষ্ঠানটি আগবঢ়াই নিয়ে ড° বিকুল বৰ্মনে। ড° বৰ্মন আৰু ড° বৰা দুয়োগৰাকীয়ে আঁত ধৰোঁতাৰ ৰূপত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠানটি আগবঢ়াই নিয়ে। ভৌগোলিকৰ উন্মোচনী ভাষণত উন্মোচক অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে সাৱলীল ভাৱে আলোচনীখনৰ গুৰুত্ব আৰু সমাজৰ বিদ্যায়তনিক দিশত ইয়াৰ ভূমিকাৰ কথা উনুকিয়ায়।তেওঁৰ সাৰুৱা তথা জ্ঞানগৰ্ভ বক্তব্যত পহুমৰা প্লাৱন ভূমিত সম্ভাৱনীয়তা, পৰিস্থিতিতন্ত্ৰ আৰু নৈপৰীয়া অৰণ্যৰ কথা উল্লেখ কৰে। আলোচনীখনৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি তেখেতে বহু তত্বগধুৰ বক্তব্য প্ৰদান কৰে।ভট্টদেৱে বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে ভাষণত অতীতৰ ভূগোলবিদ সকলৰ স্মৃতি ৰোমন্থন কৰি আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰে। তেওঁ উল্লেখ কৰে যে ‘ভৌগোলিকা’ৰ লেখা সমূহ ভৱিষ্যতৰ প্ৰকাশ বিলাকত আৰু বেছি গৱেষণা কেন্দ্ৰিক হ’ব লাগে যাতে সমাজৰ বিভিন্ন দিশত সহায়ক হয়।সভাত নিমন্ত্ৰিত অতিথি ড° ভূপেন্দ্ৰ তালুকদাৰে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এই আলোচনীখনৰ গুৰুত্বৰ কথা বুজাই দিয়ে। উন্মোচনী সভাখনৰ সফল ৰূপত সমাপ্ত হয় ড° দীপক বৰুৱাৰ শলাগৰ শৰাইৰে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° বৰুৱাই সভাত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শলাগ স্বীকাৰ কৰে।
পূৰ্বৱৰ্তী লেখা