শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৪জুলাই: তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী তথা সমাজকৰ্মী, পতীয়াচুবুৰী নিবাসী যোগেশ দাস(৮৬)ৰ আজি পুৱতি নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৩৬ত জন্ম গ্ৰহণ কৰা দাসে শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত চৰকাৰী চাকৰিত যোগদান কৰে। উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় ২৭বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা দাস তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী হিচাপে পৰিচিত আছিল।শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাজিক নিভাঁজ ৰূপত নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত সদায়েই গুৰুত্ব আৰোপ কৰা দাসে অসংখ্য ভাওনাত সূত্ৰধাৰী নৃত্য প্ৰদৰ্শন কৰাই নহয়,ইয়াৰ বাবে তেওঁ বিশেষ ৰাজহুৱা সন্মানৰো অধিকাৰী হৈছিল।ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী,উপকাহিনীৰ আধাৰত ৰচিত অংকীয়া ভাওনাৰ বিভিন্ন ভাও কৰা দাসে পতীয়া চুবুৰী অঞ্চলত সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।নিজেও কে’বাখনো অংকীয়া নাট ৰচনা কৰিছিল দাসে। এগৰাকী গায়ন,বায়ন হিচাপে দায়িত্ব পালন কৰা দাস আছিল অঞ্চলটোৰ মূল বায়ন ।উল্লেখযোগ্য যে,নতুন প্ৰজন্মক জাতীয় সংস্কৃতি আৰু পৰম্পৰাৰ শিপাৰে সংপৃক্ত কৰি ৰখাৰ উদ্দেশ্যে স্থানীয় নামঘৰত স্থানীয় যুৱক কিশোৰ সকলক খোল বাদনৰ লগতে ভাওনাৰ আৰু ভাও কৰিবলৈ শিকোৱাৰ বাবেই বৰ্তমান অঞ্চলটোত নতুন প্ৰজন্মৰ বহুকেইজন ভাৱৰীয়া ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে।এগৰাকী দক্ষ সংগঠক হিচাপে পৰিচিত দাস তেজপুৰ মিছন চাৰিআলি সাপ্তাহিক বজাৰৰ ৰাস উদযাপন সমিতিৰো সভাপতি আছিল।স্থানীয় বিভিন্ন সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ স’তে জড়িত থকা দাস তেজপুৰ মিছন চাৰিআলি কন্যা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আছিল।নীতি আৰু নিষ্ঠাৰে ৰাজহুৱা কামৰ স’তে জড়িত থকা প্ৰবীণ ভাওনা শিল্পী গৰাকী যোৱা সময়চোৱাত একাধিকবাৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল যদিও চিকিৎসাৰ অন্তত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছিল।কিন্তু প্ৰায় এসপ্তাহ পূৰ্বে পৰি আঘাতপ্ৰাপ্ত হোৱা দাসে চিকিৎসা গ্ৰহণ কৰি থকাৰ মাজতে কালি পুৱতি নিশা প্ৰায় ৩-৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে।শিল্পীজনৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে দাসৰ বাসগৃহ গুণমুগ্ধৰে ভৰি পৰে।আজি স্থানীয় ৰাইজ তথা বহু সংখ্যক গুণমুগ্ধই দাসৰ নশ্বৰদেহলৈ গাৱঁত শ্ৰদ্ধাঞ্জলি যাত্ৰাৰে সন্মান জনোৱাৰ পাছত পৰোৱা স্থিত ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হয়। তেওঁ বিয়োগৰ সময়ত পৰিবাৰৰ লগতে একমাত্ৰ পুত্ৰ, পাঁচগৰাকী জীয়াৰী,বোৱাৰী,জোঁৱাই তথা নাতি,নাতিনী সহ বহুসংখ্যক গুণমুগ্ধক এৰি গৈছে।প্ৰবীন ভাৱৰীয়া গৰাকীৰ বিয়োগত তেজপুৰৰ বহুকেজন বিশিষ্ট ব্যক্তি তথা অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।