শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি বিয়লি এক ডিটেনেটৰ বিস্ফোৰণত এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷উল্লেখযোগ্য যে,আজি প্ৰায় দুই মান বজাত বিদ্যালয়ৰ পৰা উভটি অহাৰ সময়ত পথৰ দাঁতিত পৰি থকা এডাল ডিটেনেটৰ ঘৰলৈ লৈ আহে৷ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱৰ তথা ষষ্ঠ শ্ৰেণীৰ ৰশ্মী বসুমতাৰীয়ে ঘৰলৈ আহি নিজৰ পঢ়া টেবুলতে থৈ দিয়া ডিটেনেটৰডাল বিয়লি চাৰিবজাত বিস্ফোৰণ ঘটাত ছাত্ৰী গৰাকী আহত হয়৷সম্প্ৰতি ছাত্ৰী গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ আঘাতৰ বাবে ছাত্ৰী গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ।স্হানীয় একাংশ লোকে প্ৰকাশ কৰা মতে পাথৰ ভঙাৰ বাবে ব্যৱহাৰ কৰা বাবে অনা এই ডিটেনেটৰ অসাবধান ভাবে পথৰ দাঁতিত পৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰে ।ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত শোণিতপুৰ উচ্চ পযায়ৰ এটা আৰক্ষীৰ দল ঘটনাস্হলীলৈ ৰাওনা হৈছে।