ভাল খবৰ

0 44

মাননীয় সম্পাদক মহোদয়,

ইংৰাজী নৱবর্ষৰ এক তাৰিখে বাতৰি কাকতবোৰৰ প্রথম পৃষ্ঠাত ভাল ভাল খবৰবোৰ প্রকাশ হয় । ই এটা ভাল কথা । কিন্তু বছৰৰ অন্য দিনবোৰৰ সকলোবোৰ ভাল খবৰ সাধাৰণতে কাকতবোৰৰ প্রথম পৃষ্ঠাত প্রকাশ কৰা দেখা নাযায়। কিন্তু প্রত্যেক দিনৰ বাতৰি কাকতত এটা হ’লেও ভাল খবৰ থাকে, হয়তো ভিতৰৰ পৃষ্ঠাত প্রকাশ পায়। এই পত্রৰ দ্বাৰা আমি বাতৰি কাকতৰ সম্পাদকসকলক এটা অনুৰোধ জনাব বিছাৰিছো যে ভাল খবৰবোৰ যাতে সদায় বাতৰি কাকতৰ প্রথম পৃষ্ঠাত প্রকাশ কৰে। তদুপৰি, বছৰৰ শেষত আমাৰ ৰাজ্যখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি প্ৰতিবেদন প্ৰস্তুত কৰা দেখা যায় কিন্তু এই প্ৰতিবেদনবোৰৰ বেছি ভাগেই গুৱাহাটী কেন্দ্ৰিক হয়। এনেধৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰা সকলে মনত ৰখা ভাল যে গুৱাহাটী বাহিৰেও আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত উল্লেখযোগ্য কাম হয় যিবোৰে এনেধৰণৰ প্ৰতিবেদনত স্থান পোৱা উচিত। প্ৰতিবেদন প্ৰস্তুত কৰা সকলে অলপ কষ্ট কৰি অসমৰ বিভিন্ন অঞ্চলৰ উল্লেখযোগ্য কামবোৰৰ তথ্য প্রতিবেদনবোৰত অন্তৰ্ভুক্ত কৰিলে ভাল হয় যিহেতু গুৱাহাটী মানেই গোটেই অসম নহয়। আশা কৰিছো এই বিষয়টো প্রতি প্ৰতিবেদন প্ৰস্তুত কৰা সকলে মন কৰিব।

ড° বুলজিৎ বুঢ়াগোহাঁই,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.