ভাস্কৰ্য আৰু শিল্পৰ দিন উদযাপন

নন্দ কিশোৰ মহেশ্বৰীৰ ৭৫ সংখ্যক ওপজা দিনত ওলগ

0 63

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ মেঃ আধুনিক লখিমপুৰৰ অন্যতম খনিকৰ, ভাস্কৰ, সাংবাদিক, নাট্য কৰ্মী নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন ৯ মে দিনটো নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে “ভাস্কৰ্য আৰু শিল্প দিন” ৰূপে পূৰ্বে পালন কৰি অহাৰ দৰে আজি ক্লাব ভৱনত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। পোনতে মহেশ্বৰীৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকনে। ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানত লখিমপুৰৰ বিশিষ্ট নাট্যকৰ্মী, প্ৰবীণ খেলুৱৈ অৰুণ কুমাৰ দত্তই মহেশ্বৰীৰ লগত থকা দীৰ্ঘদিনীয়া সান্নিধ্যৰ সূত্ৰে তেখেতৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে।  তেঁও কয় যে মহেশ্বৰীয়ে নাটকত অভিনয় কৰিলে আখৰা আৰম্ভ কৰাৰ পিছদিনাই সংলাপ মুখস্থ কৰি পেলায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক সুৰজিৎ ভূঞাই নন্দকিশোৰ মহেশ্বৰীৰ জীৱন দৰ্শন সন্দৰ্ভত আলোকপাত কৰি কয় যে মহেশ্বৰীৰ জীৱনত এক প্ৰতিবাদী বা বিপ্লৱী ভাৱধাৰা লুকাই আছিল, যি তেঁও কামৰ দ্বাৰা প্ৰতীয়মান কৰি দেখুৱাইছিল। স্থাপত্যৰ দিশতো তেঁও আধুনিক অভিযান্ত্ৰিক বিদ্যাই অনুমোদন নজনোৱা কাৰিকৰী দিশৰ লগত ফেৰ মাৰি এনে কেতবোৰ নক্সা প্ৰস্তুত কৰি ভাস্কৰ্য নিৰ্মাণ কৰি এই শিল্পটোলৈ নান্দনিকতা আনিবলৈ সক্ষম হৈছিল। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাই মহেশ্বৰীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ ক্ষেত্ৰত লখিমপুৰত যিকোনো এটা স্থায়ী স্মাৰক স্থাপন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে মহেশ্বৰীৰ নামত এটা অত্যাধুনিক বিজ্ঞানসন্মত প্ৰেক্ষাগৃহ নিৰ্মাণৰ পোষকতা কৰে।আজিৰ অনুষ্ঠানত জিলাখনৰ ভিন্ন প্ৰান্তৰৰ সাংবাদিকে অংশ গ্ৰহণ কৰে। একাধিক জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে বক্তব্য প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.