ভাৰতত গঢ়ি তোলা হ’ব থলুৱা হাইপাৰলুপ ব্যৱস্থা

 আইআইটি-মাদ্ৰাজ আৰু ৰে’লৱেৰ সহযোগিতা

0 31
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুন : ৰে’ল মন্ত্ৰালয়ে আই আই টি মাদ্ৰাজৰ সৈতে এক থলুৱা হাইপাৰলুপ ব্যৱস্থা বিকাশৰ বাবে সহযোগিতা কৰিব আৰু লগতে প্ৰিমিয়াৰ প্ৰতিষ্ঠানটোত হাইপাৰলুপ প্ৰযুক্তিৰ বাবে এটা Centre of Excellence স্থাপন কৰাত সহায় কৰিব। ২০১৭ চনত তদানীন্তন ৰে’লমন্ত্ৰী সুৰেশ প্ৰভুৱে হাইপাৰলুপ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। তাৰ পিছৰে পৰা ৰে’ল মন্ত্ৰালয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাইপাৰলুপৰ মাজত প্ৰস্তাৱিত প্ৰকল্পটোক লৈ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল। অৱশ্যে গুৰুত্বপূৰ্ণ একো উন্মেষ নহ’ল। উল্লেখ্য যে, হাইপাৰলুপে এনে এটা প্ৰযুক্তিৰ ওপৰত কাম কৰে যিয়ে কম চাপৰ নলীত চুম্বকীয় উত্তোলন ব্যৱহাৰ কৰি বিমানৰ দৰে গতিবেগত মানুহ আৰু সামগ্ৰী পৰিবহণ কৰিব পাৰে। কম শক্তিৰ প্ৰয়োজনীয়তা আৰু ভাৰতক কাৰ্বন নিৰপেক্ষ কৰি তোলাত এই প্ৰযুক্তিয়ে ল’ব পৰা উল্লেখযোগ্য ভূমিকাই ভাৰতীয় ৰে’লৱেৰ বাবে হাইপাৰলুপ পৰিবহন পদ্ধতিক আকৰ্ষণীয় কৰি তুলিছে বুলি ৰে’ল মন্ত্ৰালয়ে এক বিবৃতিত কয়। ৰে’ল মন্ত্ৰালয়ে সেয়েহে যাত্ৰী আৰু সামগ্ৰী পৰিবহণৰ বাবে এই উদীয়মান আৰু বিৱৰ্তনশীল ধাৰণাটো বিকাশৰ ওপৰত যৌথ সহযোগিতামূলক কামৰ বাবে সম্ভাৱ্য অংশীদাৰ আৰু ডমেইন বিশেষজ্ঞৰ সন্ধান কৰি আহিছিল। ৰে’ল মন্ত্ৰালয়ক জনোৱা হৈছিল যে, ৭০ জন ছাত্ৰ-ছাত্ৰীৰে গঠিত এটা দল, নাম Avishkar Hyperloop। ২০১৭ চনত আই আই টি মাদ্ৰাজে গঠন কৰা এই দলটোৱে হাইপাৰলুপ ভিত্তিক পৰিবহণ ব্যৱস্থাৰ বিকাশৰ বাবে স্কেলেবিলিটি আৰু মিতব্যয়ী অভিযান্ত্ৰিক ধাৰণা প্ৰয়োগ কৰি আহিছে আৰু ইয়াৰ লক্ষ্য হৈছে ভাৰতক বিশ্ববাসীৰ আগত নিজৰ প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰি গৌৰৱান্বিত কৰা। ইয়াৰ পিছতেই আই আই টিৰ সৈতে সহযোগিতাত মাদ্ৰাজত থলুৱা হাইপাৰলুপ ব্যৱস্থাৰ বিকাশ আৰু আইআইটি মাদ্ৰাজত Centre of Excellence for Hyperloop Technologies স্থাপনৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে, ‘আৱিষ্কাৰ হাইপাৰলুপ’-এ স্পেচএক্স হাইপাৰলুপ পড প্ৰতিযোগিতা-২০১৯ আৰু ২০২১ চনত ইউৰোপীয় হাইপাৰলোত Most Scaleble Design Award লাভ কৰিছিল।
মন্তব্য দিয়ক

Your email address will not be published.