শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’ : সৰ্প দংশনৰ চিকিৎসাত অৰেল টেবলেটৰ মাধ্যমেৰে সাফল্য পাইছে পশ্চিমবংগই। নেচনেল মেডিকেল কলেজ আৰু হাস্পতালত পৰীক্ষামূলকভাৱে এই টেবলেটৰ প্রয়োগ কৰি সফলতা লাভ কৰা গৈছে। সাপে দংশন কৰা ৰোগীকে বচোৱা সম্ভৱ হৈছে ইয়াৰ মাধ্যমেৰে। পার্ক চার্কাচৰ নেচনেল মেডিকেল কলেজত পৰীক্ষামূলকভাৱে প্রয়োগ কৰা হয় এই টেবলেট। যোৱা ১০ মে’ত এজন যুবকক সাপে খোঁটাত এই টেবলেট প্ৰয়োগেৰে বচোৱা সম্ভৱ হৈছে। এই টেবলেটৰ নাম ভেৰেচপ্লাডিব মিথাইল। কলকাতা নেচনেল মেডিকেল কলেজ হাস্পতালত প্রথম এই ঔষধৰ ট্রায়েল হ’ল। হাস্পতালৰ মেডিচিন বিভাগৰ অধ্যাপক চিকিৎসক পার্থপ্রতিম মুখোপাধ্যায়ে জনোৱা মতে, এই টেবলেটৰ লগত ২০ ভায়েল এন্টিভেনমে খুব ভাল কাম কৰিছে। যেতিয়া এই ঔষধ নাছিল তেতিয়া ৩০ৰ পৰা ৪০ ভায়েল এন্টি স্নেক ভেনম দিয়াৰ পিছতো অনেক ক্ষেত্রত ৰোগীৰ মৃত্যু হয়। এতিয়া এই টেবলেটৰ লগত কম পৰিমাণৰ এন্টি ভেনম দিয়াৰ পিছতো ভাল ফল পোৱা গৈছে। চিকিৎসকসকলৰ বক্তব্য— এন্টি স্নেক ভেনম তৈয়াৰ হয় দক্ষিণ ভাৰতৰ ৰাজ্যবোৰত। সেয়ে দক্ষিণ ভাৰতৰ সাপৰ প্রটিন আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ সাপৰ প্রটিনৰ মাজত পার্থক্য থকাত এন্টি স্নেক ভেনম বেছি মাত্রাত দিলেও বহু ক্ষেত্রত এই ৰাজ্যবোৰত ভালকৈ কাম নকৰে। সেয়ে টেবলেট খাবলৈ দি এন্টি স্নেক ভেনম দিলে সেই ক্ষেত্ৰত বহু বেছি কার্যকৰী হয়। হাস্পতাল সূত্রৰ খবৰমতে, দেশৰ মুঠ ১১২ জনৰ ওপৰত এই ঔষধৰ ট্রায়েল হ’ব। নেচনেল মেডিকেল কলেজত ২৫ জনৰ ওপৰত এই ট্রায়েল কৰা হ’ব। প্রসঙ্গত উল্লেখ কৰিব পাৰি যে, সাপৰ দংশনৰ ফলত সকলোতকৈ বেছি মৃত্যু হয় কৃষকৰ। এক সমীক্ষাত জনা গৈছে যে, ২০০০ চনৰ পৰা ২০১৯ চন পর্যন্ত সাপৰ কামোৰত সমগ্ৰ দেশত মৃত্যু হৈছে ১২ লাখ মানুহৰ। অর্থাৎ সাপৰ কামোৰত হোৱা মৃত্যু ভবাতকৈ বহু বেছি। এই ঔষধৰ ফলত বহু মানুহ উপকৃত হ’ব বুলিয়েই অনুমান কৰিছে চিকিৎসকসকলে।