ভাৰতীয় মূলৰ ঋষি সুনক বৃটেইনৰ প্ৰধানমন্ত্ৰী !

0 29

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাই: বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে । কভিড লকডাউনৰ সময়ত বাৰ্থডে পাৰ্টি কৰা, যৌন কেলেংকাৰি আদি কেইবাটাও অভিযোগৰ বাবে জনচনৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল আৰু তেওঁ নেতৃত্বৰ প্ৰতি চাপ সৃষ্টি হৈছিল । শেহতীয়াকৈ প্ৰায় কেইবামাহো ধৰি শাসকীয় কনজাৰভেটিভ দলৰ মাজত চলি থকা অসন্তুষ্টিৰ বহিঃপ্ৰকাশ হিচাপে জনচন কেবিনেটৰ দ্বিতীয় স্থানৰ মন্ত্ৰী ভাৰতীয় মূলৰ ঋষি সুনকৰ নেতৃত্বত প্ৰায় ৫০ জন মন্ত্ৰীয়ে পদত্যাগ কৰাত জনচনৰ বিদায় নিশ্চিত হৈ পৰে ।

পাঞ্জাৱী মূলৰ ঋষি সুনক হৈছে বৃটেইনৰ দ্বিতীয় প্ৰজন্মৰ ভাৰতীয় মূলৰ বৃটিছ নাগৰিক । বহুদিনৰ আগৰপৰাই ঋষি প্ৰধানমন্ত্ৰীৰ দৌৰত আছে । ভাৰতৰ আগশাৰীৰ তথ্যপ্ৰযুক্তি কোম্পানী ইনফচিচৰ প্ৰতিষ্ঠাতা এন নাৰায়নমূৰ্তিৰ জোৱায়েক ঋষি সুনক এতিয়া বৃটেইনৰ প্ৰধানমন্ত্ৰী হোৱালৈ মাথো অলপ সময়ৰ অপেক্ষা ।

মন্তব্য দিয়ক

Your email address will not be published.