ভাৰতীয় শিক্ষণ মণ্ডলৰ সভা অনুষ্ঠিত

0 68

উত্তৰ লখিমপুৰ: ৬ ডিচেম্বৰ: ভাৰতীয় শিক্ষণ মণ্ডলৰ এখনি সভা আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতীয় শিক্ষণ মণ্ডলৰ লখিমপুৰ জিলা গোটৰ সভাপতি ড° লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাত মূল আলোচক হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় শিক্ষণ মণ্ডলৰ উত্তৰ অসম প্ৰান্তৰ প্ৰমুখ শিৱম অগ্ৰহৰিয়ে। সভাত ভাৰতীয় শিক্ষা, সমাজত শিক্ষাৰ গুৰুত্ব আৰু নতুন শিক্ষা নীতিৰ বিষয়ত বিস্তাৰিতভাবে আলোচনা কৰা হয়। সভাত লখিমপুৰ জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে অংশ গ্ৰহণ কৰে। সভাখনিৰ আঁত ধৰে এল.টি.কে. মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা ভাৰতীয় শিক্ষণ মণ্ডলৰ লখিমপুৰ জিলা গোটৰ সম্পাদক ড° দেৱজিৎ দত্তই।

মন্তব্য দিয়ক

Your email address will not be published.