শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জুলাই : ভাৰতত পৰ্যাপ্ত পৰিমাণৰ বৈদেশিক মুদ্ৰাৰ মজুত আছে। বিদেশী ঋণৰ পৰিমাণো অতি কম। পাকিস্তান বা শ্ৰীলংকাৰ দৰে অৰ্থনৈতিক সমস্যা নাই।— ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে এনেদৰে কয়। তেওঁ কয়— “আমাৰ হাতত পৰ্যাপ্ত বৈদেশিক মুদ্ৰা মজুত আছে। ৰিজাৰ্ভ বৃদ্ধিৰ ক্ষেত্ৰত আৰ বি আয়ে ভাল কাম কৰিছে। আমাৰ শ্ৰীলংকা আৰু পাকিস্তানৰ দৰে সমস্যা নাই। আমাৰ বৈদেশিক ঋণো কম”। আৰ বি আইৰ শেহতীয়া তথ্য অনুসৰি ২২ জুলাইত সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত হৈছে ৫১৭.৫৬ বিলিয়ন। ২০২২ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে আৰ বি আইৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বাহ্যিক বেলেঞ্চ আছিল ৬২০.৭ বিলিয়ন। বৈদেশিক ঋণৰ সৈতে জিডিপিৰ অনুমান ২০২২ চনৰ মাৰ্চ মাহৰ শেষত ২১.২ শতাংশৰ পৰা ২০২১ চনৰ মাৰ্চ মাহৰ শেষত ১৯.৯ শতাংশলৈ হ্ৰাস পাইছে। ৰঘুৰাম ৰাজনৰ মতে কম বহিঃঋণ আৰু অধিক বৈদেশিক মুদ্ৰাৰ মজুতে ভাৰতৰ অৰ্থনীতি স্থিতিস্থাপক কৰি তোলে। শ্ৰীলংকা, পাকিস্তানৰ দৰে দেশসমূহ অতি কম বৈদেশিক মুদ্ৰাৰ মজুত আৰু বৃদ্ধি পোৱা বাহ্যিক ঋণৰ বাবে গভীৰ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। মুদ্ৰাস্ফীতি সন্দৰ্ভত ৰাজনে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতিগত হাৰ বৃদ্ধিয়ে মুদ্ৰাস্ফীতিৰ চাপ হ্ৰাস কৰাত সহায় কৰিব। সমগ্ৰ বিশ্বতে সম্প্ৰতি চলি আছে মুদ্ৰাস্ফীতি। আৰ বি আয়ে বৃদ্ধি কৰিছে সুতৰ হাৰ যিয়ে মুদ্ৰাস্ফীতি হ্ৰাস কৰাত সহায় কৰিব। খাদ্য আৰু ইন্ধনৰ ক্ষেত্ৰত সৰ্বাধিক মুদ্ৰাস্ফীতি। বিশ্বত খাদ্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাইছে আৰু ভাৰততো হ্ৰাস পাব বুলিও তেওঁ কয়। উচ্চ মুদ্ৰাস্ফীতিৰ মূল কাৰণসমূহৰ ভিতৰত ইন্ধন আৰু খাদ্যও অন্যতম বুলি উল্লেখ কৰে প্ৰাক্তন আৰ বি আইৰ গৱৰ্ণৰজনে। তেওঁ কয় যে খাদ্যৰ উচ্চ মুদ্ৰাস্ফীতি ঋতুভিত্তিক কাৰকৰ বাবেই হৈছে আৰু ই হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ৰাজনৰ মতে, আৰ বি আয়ে নীতিগত হাৰ বৃদ্ধি কৰিলে মূল মুদ্ৰাস্ফীতি হ্ৰাস কৰাত সহায়ক হ’ব।