ভাৰতৰ চাহ ঘূৰাই পঠিয়ালে একাধিক দেশে

কীটনাশক আৰু ৰাসায়নিকযূক্ত

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুন : চাহ উদ্যোগলৈ উদ্বেগৰ খবৰ। আতিৰিক্ত মাত্ৰাৰ কীটনাশক আৰু ৰাসায়নিক দিয়া হৈছে— এই অভিযোগত দেশীয় আৰু আন্তর্জাতিক বজাৰত একাধিক চাহৰ অর্ডাৰ বাতিল কৰা হৈছে। কালি ৩ জুনত ইণ্ডিয়ান টি এক্সপর্টার্ছ এছচিয়েচন (ITEA)ৰ চেয়াৰমেন অংশুমান কানোৰিয়াই এই কথা প্ৰকাশ কৰিছে। ইফালে শ্ৰীলংকাৰ সংকটৰ প্ৰভাৱত গোটেই বিশ্বৰ চাহৰ বজাৰত এক শূন্যস্থান সৃষ্টি হৈছিল। আৰু সেই সুযোগতে টি বর্ডে ৰপ্তানি বৃদ্ধিৰ উদ্যোগ লয়। কিন্তু সেই আশাত এইবাৰ চেঁচাপানী পৰিল। ইণ্ডিয়ান টি এক্সপর্টার্স এছচিয়েচন(ITEA)ৰ চেয়াৰমেন অংশুমান কানোৰিয়াই জনাইছে যে, অস্বাভাৱিকভাৱে উচ্চহাৰত ৰাসায়নিক আছে— এনে চাহ কিনিবলৈ অনিচ্ছুক বেছিভাগ ক্রেতা। পৰিসংখ্যাই কৈছে যে, ২০২১ চনত ভাৰতে ১৯৫.৯০ মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল। ভাৰতৰ চাহ মূলতঃ ইৰাণ আৰু কমনৱেলথভুক্ত দেশবোৰলৈ যায়। ইফালে বেছিভাগ দেশেই তেওঁলোকৰ দেশলৈ ভাৰতীয় চাহ নিয়ার আগেয়ে সকলো দিশ পৰীক্ষা কৰি চায়। সেই ক্ষেত্রত আন্তর্জাতিক ক্ষেত্রত যি ৰীতি আছে সেয়া তেওঁলোকে পৰীক্ষা কৰি চায় আৰু সেয়া FSSAI আইনতকৈয়ো কাঢ়া। ইফালে অনেকে আকৌ FSSAIৰ নিয়ম কিছু শিথিল কৰাৰ পক্ষত কথা কয়। কিন্তু ইয়াৰ ফলত এক বেয়া বার্তা যাব পাৰে চাহ বিপণনৰ বজাৰলৈ। কাৰণ একাধিক দেশত চাহক স্বাস্থ্যকৰ পানীয় হিচাবে গণ্য কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.