শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুলাইঃ কালি, অৰ্থাৎ ২০ জুলাইত প্ৰকাশ পোৱা এখন নতুন উপগ্ৰহীয় ফটোৱে ফাদিল কৰিছে চাঞ্চল্যকৰ তথ্য। ডকলাম মালভূমিৰ পূব দিশত ভূটানৰ ফালে এখন চীনা গাঁও নিৰ্মাণ কৰা হৈছে। মন কৰিবলগীয়া যে কৌশলগত কাৰণত এই অঞ্চলটো ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে। এই অঞ্চলটোকে এতিয়া চীনে নিজৰ বুলি দাবী কৰিছে। উল্লেখ্য যে ডকলাম ট্ৰাই-জংচনত পথ নিৰ্মাণৰ চেষ্টা কৰাৰ পিছত প্ৰায় ৭৩ দিন ধৰি ভাৰতীয় আৰু চীনা সৈন্য মুখামুখিকৈ থিয় দিছিল। মহাকাশ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা কোম্পানী MAXAR-এ তুলিছে এই ফটোসমূহ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যত স্বাভাৱিকতে বিয়পি পৰিছে এই ফটোবোৰ। খবৰ অনুসৰি গাঁওখন সম্পূৰ্ণ জনবহুল আৰু প্ৰায় প্ৰতিটো ঘৰৰ দুৱাৰমুখত গাড়ী ৰখাই থোৱা আছে। লগতে জানিব পৰা গৈছে যে গাঁওখনৰ কাষে কাষে এটা সু-চিহ্নিত সৰ্ববতৰীয়া গাড়ী পথ নিৰ্মাণ কৰা হৈছে। নিৰ্মাণ কৰা নতুন পথটোৱে চীনক ডকলাম মালভূমিৰ কৌশলগত শিখৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব পাৰে। নতুন ফটোখনৰ সন্দৰ্ভত ততাতৈয়াকৈ সেনাবাহিনীৰ কোনো মন্তব্য পোৱা হোৱা নাই। মেক্সাৰৰ পৰা প্ৰাপ্ত নতুন উপগ্ৰহীয় ফটোৱে ইংগিত দিয়ে যে আমো-চু নদী উপত্যকাৰ দ্বিতীয়খন গাঁও নিৰ্মাণৰ কাম এতিয়া কাৰ্যতঃ সম্পূৰ্ণ হৈছে। একে সময়তে চীনে ইয়াতকৈ আৰু দক্ষিণলৈ তৃতীয়খন গাঁও বা বসতি নিৰ্মাণৰ কামত আগবাঢ়িছে। এই উন্নয়নৰ অৰ্থ হ’ল চীনে ভাৰতৰ স্পৰ্শকাতৰ শিলিগুৰি কৰিডৰত পোনপটীয়াকৈ নিৰীক্ষণ কৰিব পাৰিব বুলি কোৱা হৈছে, যিটো অঞ্চলে উত্তৰ-পূবৰ ৰাজ্যসমূহক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কৈছিল যে তেওঁলোকে নিজৰ সীমান্তৰ সকলো কাম-কাজ নিৰীক্ষণ কৰে। চীনে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) কেইবাটাও স্পৰ্শকাতৰ স্থানত সীমান্তৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে য’ত চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ভাৰতীয় সেনাৰ সৈতে দুবছৰতকৈও অধিক সময় ধৰি তৰ্কত লিপ্ত হৈ আহিছে। কিছুদিন পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে জিনজিয়াং প্ৰদেশ ভ্ৰমণ কৰি ইয়াৰ সৈন্যৰ সৈতে সাক্ষাৎ কৰিছিল। পিপলছ লিবাৰেচন আৰ্মী বা পিএলএৰ জিনজিয়াং মিলিটাৰী কমাণ্ডে ২০২০ চনৰ মে’ মাহৰ পৰা চীনৰ হৈ অঞ্চলটো নিৰীক্ষণ কৰি আহিছে। দুয়োপক্ষৰ মাজত সামৰিক স্থিতিৰ মাজতে লাডাখ অঞ্চলৰ ভাৰত-চীন সীমান্তৰ তদাৰক কৰে পি এল এয়ে। গতিকে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ জিনজিয়াং প্ৰদেশ ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। যোৱা সপ্তাহত বালিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ মাজত অনুষ্ঠিত হোৱা আলোচনাত পূব লাডাখক লৈ এই বিবাদ চৰ্চালৈ আহিছিল। জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত বালিত এক ঘণ্টাজোৰা এখন বৈঠকত জয়শংকৰে পূব লাডাখৰ সকলো বাকী থকা সমস্যাৰ আগতীয়া সমাধানৰ প্ৰয়োজনীয়তা ৱাং য়ীক জনায়। জয়শংকৰে কয় যে, দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা আৰু পাৰস্পৰিক স্বাৰ্থৰ ওপৰত ভিত্তি কৰি হ’ব লাগে। একাংশ সংঘাতপূৰ্ণ অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰৰ কথা উল্লেখ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে এক বিবৃতিত কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু স্থিতিশীলতা ঘূৰাই অনাৰ বাবে বাকী থকা সকলো অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াক ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছে। কিন্তু চীনে নতুনকৈ এনেদৰে গাঁও পতা বিষয়টো উপগ্ৰহীয় ফটোৱে ফাদিল কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্কত কেনে প্ৰভাৱ পেলায় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ’ব।