ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ উদয় উমেশ ললিতৰ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : আজি ২৭ আগষ্ট শনিবাৰে ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ উদয় উমেশ ললিতে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ললিতক শপত গ্ৰহণ কৰায়। ৬৪ বছৰীয়া ন্যায়াধীশ উদয় উমেশ ললিতে নিজৰ কেৰিয়াৰত ন্যায়িক ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত উজ্জ্বল পদক্ষেপৰ উদাহৰণ দাঙি ধৰিছে। কিন্তু মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ কাৰ্যকাল হ’ব অতি কম। তেওঁ ৮ নৱেম্বৰত অৱসৰ ল’ব। উদয় উমেশ ললিতে মুম্বাইৰ আইন মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছিল। ১৯৮৫ চনলৈকে তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত অনুশীলন কৰিছিল। ১৯৮৬ চনত তেওঁ দিল্লীলৈ গুচি আহে। ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ প্ৰাক্তন এটৰ্নী জেনেৰেল ছলি জে ছ’বেৰজীৰ সৈতে কাম কৰিছিল। আজি তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। তেওঁ হৈছে বাৰৰ পৰা পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত বহা দেশৰ দ্বিতীয়জন মুখ্য ন্যায়াধীশ। ইয়াৰ পূৰ্বে দেশৰ ত্ৰয়োদশ মুখ্য ন্যায়াধীশ ন্যায়াধীশ এছ এম ছিক্ৰিয়ে বাৰৰ পৰা দেশৰ কল্যাণ ব্যৱস্থাৰ শিখৰত বহিছিল। ইফালে ন্যায়াধীশ ললিতে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ যিমান পাৰে সৰলতা আৰু স্বচ্ছতাৰ বিষয়টোক অগ্ৰাধিকাৰ দিব বুলি কয়। তেওঁ লগতে বিষয়টোৰ ওপৰত চকু ৰাখিবলৈ আশ্বাস দিয়ে যাতে সংশ্লিষ্ট আদালতত যিকোনো জৰুৰী বিষয় মুক্তভাৱে উত্থাপন কৰিব পৰা যায়। মুখ্য ন্যায়াধীশ ললিতে কয় যে গোটেই বছৰটো কাৰ্যক্ষম হৈ থকা এখন সাংবিধানিক বিচাৰপীঠ থকাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.