ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপন

0 31

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে গোলাঘাটৰ বগৰীজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশ লোৱা লোকসকলে মঞ্চত সংস্থাপন কৰা পৰ্দাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপনকে ধৰি তেওঁৰ ডিব্ৰুগড়ৰ সকলো কাৰ্যসূচী প্ৰত্যক্ষ কৰে । অনুষ্ঠানত ভাষণ দি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ সংস্থা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনক এই মহৎ কৰ্মৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আজিৰ দিনটোক ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সদায় অগ্ৰাধিকাৰ দি আহিছে আৰু তাৰেই ফলস্বৰূপে ৰাজ্যখনৰ অন্যান্য ক্ষেত্ৰৰ লগতে স্বাস্থ্য আন্তঃগাঁথনিয়ে বিকাশৰ নতুন গতিৰে ধাৱমান হৈছে বুলি তেওঁ উল্লেখ কৰে । সভাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক সুমীত শৰ্মা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা ভালেসংখ্যক ৰাইজ উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.