ভীম কলৰ পৰা গুৰ উৎপাদনেৰে লখিমপুৰৰ দুই শিক্ষার্থীৰ চমক

ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত দুই শিক্ষার্থীক সম্বৰ্ধনা

0 200

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ২৪ মে’ : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দুই শিক্ষার্থী। ইণ্ডিয়ান য়ং ইনভেণ্টৰ্ছ এণ্ড ইনভেণ্টছ চেলেঞ্জত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুই শিক্ষার্থী ক্ৰমে উপাসনা বৰুৱা আৰু অলি চাবুকধৰাই “ফুড এণ্ড নিউট্ৰিছন” বিষয়ৰ লগত সংগতি ৰাখি ভীমকলৰ পৰা অভিনৱ কৌশলেৰে গুৰ প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে। উল্লেখ্য যে চলিত মাহৰ ২৭-২৮ মে’ত গুজৰাটত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতালৈ নিৰ্বাচিত ১৭টা আৱিষ্কাৰক আৰু উদ্ভাৱক দলৰ ভিতৰত এওঁলোক অন্যতম। দুয়োকে এইক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায়-সহযোগিতা আগবঢ়াইছিল তেওঁলোকৰ শিক্ষাগুৰু তথা খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা যজ্ঞোৰাম বৰাই। আঞ্চলিক পৰ্যায়ৰ এই পূব ভাৰতীয় প্ৰতিযোগিতাত পশ্চিমবংগ, উড়িষা, বিহাৰ, ঝাৰখাণ্ড, ত্ৰিপুৰা, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ উদ্ভাৱক আৰু আৱিষ্কাৰক সকলে অংশগ্ৰহণ কৰিব। লখিমপুৰ জিলাৰ এই দুই শিক্ষাৰ্থীৰ এনে সাফল্যত কালি লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই শিশু বিজ্ঞানী দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে, একেদিনাই দুয়োগৰাকী শিক্ষাৰ্থীক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবতো সম্বর্ধনা জনোৱা হয়। দুয়োটা অনুষ্ঠানত লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমিৰ সভাপতি বেণুকান্ত হাজৰিকা, সচিব তথা খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰবক্তা যজ্ঞোৰাম বৰাই উদ্ভাৱক ছাত্রী দুগৰাকীৰ লগতে জিলাখনৰ শিশু বিজ্ঞানীসকলক সহযোগিতা আগবঢ়োৱাৰ কথা সদৰি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.