শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯আগষ্টঃ নিজকে শোণিতপুৰৰ বাসিন্দা বুলি ভুৱা পৰিচয় দি এছএছবি চাকৰি লোৱা বহিৰাজ্যৰ তিনি যুৱকৰ জালিয়াতি সম্প্ৰতি পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি, অংকিত কুমাৰ, লোকেন্দ্ৰ চাহাৰ আৰু শ্ৰী দিবাকৰ নামৰ তিনি যুৱকে ২০২২ ত জালিয়াতিৰে চাকৰিত যোগদান কৰিছিল আৰু তিনিওজন যুৱকে নিজকে শোণিতপুৰ জিলাৰ বাসিন্দা বুলি প্ৰয়োজনীয় তথ্যত উল্লেখ কৰে৷ লগতে তেওঁলোকে দাখিল কৰা তথ্যত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ ভুৱা ছীল-মোহৰো ব্যৱহাৰ কৰিছিল৷ শেহতীয়াকৈ এছ এছ বিৰ বিহাৰ আৰৰিয়াস্থিত ৫৬ নম্বৰ, বিহাৰৰ ৰাজাউলৰ ৪৭নম্বৰ আৰু দাৰ্জিলিঙৰ ৪১নম্বৰ বেটেলিয়নৰ পৰা তেওঁলোকৰ তথ্যপাতি পৰীক্ষৰণৰ বাবে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ স’তে যোগাযোগ হোৱাৰ লগতে তেওঁলোকৰ তথ্য প্ৰেৰণ কৰা হয়৷ কিন্তু এই তথ্যপাতি পৰীক্ষা কৰি হতবাকহৈ পৰে শোণিতপুৰ প্ৰশাসন৷ প্ৰনিধানযোগ্য যে, তেজপুৰৰ চক্ৰ বিষয়াৰ জৰিয়তে গাঁও প্ৰধানে বিচাৰি উলিয়াব নোৱাৰিলে চাকৰি লাভৰ বাবে অভিযুক্ত যুৱক তিনিজনে তেওঁলোকৰ নথিত উল্লেখ কৰা শোণিতপুৰৰ ঠিকনা৷ এই জালিয়াতি পোহৰলৈ অহাৰ পাছতে ইতিমধ্যে শোণিতপুৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা এছএছবিৰ নিৰ্দিষ্ট তিনিওটা বেটেলিয়ন কাৰ্যালয়কে এই সন্দৰ্ভত অৱগত কৰাৰ লগতে শোণিতপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি তেজপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ একাধিক ধাৰাৰ অধীনত তিনিওৰে বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত ৬৬২/২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সম্প্ৰতি সমগ্ৰ বিষটো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷