ভূৱা তথ্যৰে নিযুক্তি: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পাঁচ লেবৰেটৰী টেকনিচিয়ানক নিলম্বন

0 11

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২ নৱেম্বৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুৱা তথ্যৰে নিযুক্তি লাভ কৰা পাঁচজন লেবৰেটৰী টেকনিচিয়ানক নিলম্বন কৰা হৈছে৷তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ,২০১৫ত মকৰল হোৱা নিযুক্তিত এই পাঁচজনৰ তথ্যৰ বিসংগতি পোহৰলৈ অহিছিল আৰু নিযুক্তিত বঞ্চিত একাংশ প্ৰাৰ্থীয়ে বিষয়টো সন্দৰ্ভত আদালতৰ কাষ চাপিছিল৷ শেহতীয়া কৈ আদালতে সমগ্ৰ বিষয়টোৰ ৰায়দান কৰে আৰু আদালতৰ ৰায়ৰ ভিত্তিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পাঁচজনক নিলম্বন কৰে।নিলম্বিত লেবৰেটৰী টেকনিচিয়ান কেইজন মঞ্জুমণি বৰা হাজৰিকা, ইমণি ৰয়, পংকজ বৰুৱা ,কৌশিক দাস আৰু সীমান্ত নাথ বুলি প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।উল্লেখযোগ্য যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত আৰম্ভণিতে একাংশ প্ৰাৰ্থীয়ে বিসংগতি পূৰ্ণ নথি পত্ৰ দাখিল কৰি নিযুক্তি লাভ কৰিছিল বুলি অভিযোগ উঠিছিল আৰু এই বিষয়ে বঞ্চিত একাংশ প্ৰাৰ্থীয়ে আদালতৰ কাষ চাপিছিল ২০১৮ত৷ মুঠ ১৪ জন লেবৰেটৰী টেকনিচিয়ানৰ এই নিযুক্তি প্ৰক্ৰিয়াত উত্থাপত অভিযোগ আৰু আদালতত বিচাৰাধীন গোচৰটোৰ ৰায় ২৭ছেপ্তেম্বৰত প্ৰদান কৰে৷ এই ৰায়ৰ ভিত্তিত চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই তাৎক্ষণিক ভাৱে দুজনক চাকৰিৰ পৰা নিলম্বন কৰে আৰু আদালতে বাকী তিনিজন প্ৰাৰ্থীৰ নথি পত্ৰ পুনৰ পৰীক্ষাৰ তথা তদন্তৰ নিৰ্দেশ দিয়াত এই তিনিজনকো নিলম্বন কৰা হয়।উল্লেখযোগ্য যে এইসকলে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথম পৰ্যায়তে নিযুক্তি লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ইয়াত কৰ্মৰত অৱস্থাত আছিল ।

মন্তব্য দিয়ক

Your email address will not be published.