ভোগালী বিহুলৈ মাজত মাথোঁ তিনিদিন

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,১১ জানুৱাৰীঃ অসম – অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো তিনিটা দিন বাকী। পথাৰৰ সোণগুটি চপাই ভড়ালত থাপি থুপি ৰখাৰ পিছত সেই উকা পথাৰত আকৌ দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা – বুঢ়া সকল ভেলাঘৰ বা মেজিঘৰ নিৰ্মাণ কৰিবলৈ। বাৰীৰ অপৈনত বাঁহ, পথাৰৰ নৰা বা খেৰেৰে ভোগালী বিহুৰ মূল প্ৰতীক ভেলাঘৰ বা মেজিঘৰ নিৰ্মাণত এতিয়া ব্যস্ত হৈ পৰিছে উৰুকাৰ দিনা লগে ভাগে এই ভেলাঘৰত এসাঁজ খাবলৈ।
ৰাজ্যখনৰ অনান্য প্ৰান্তৰ লগতে তেজপুৰৰ বিভিন্ন গ্ৰাম্যাঞ্চলত  এতিয়া ভেলাঘৰ, মেজিঘৰ নিৰ্মাণেৰে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। তেজপুৰৰ নিকটৱৰ্তী বেছেৰীয়াৰ বৰপথাৰত সন্মিলীত যুৱ সন্হাই মিলি নিৰ্মাণ কৰি উলিয়াইছে দুমহলীয়া ভেলাঘৰ। বৰপথাৰত নিৰ্মাণ কৰা এই আকৰ্ষণীয় ভেলাঘৰত উৰুকাৰ দিনটোত সকলোৱে মিলি জুলি উদৰপুৰাই এসাঁজ খোৱাই মূল লক্ষ্য নহয় সমন্বয় আৰু সম্প্ৰীতিৰ বাবেই এই আয়োজনৰ কথা সদৰি কৰি ভোগালী বিহুৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰাৰ কথা জানিবলৈ দিছে উদ্যোক্তা সকলে। বাম বেছেৰীয়াৰ সন্মিলিত যুৱক বৃন্দৰ এই প্ৰয়াসৰ বাবে স্হানীয় ৰাইজ ভেলাঘৰ নিৰ্মাণত উবুৰি খাই পৰা পৰিলক্ষিত হৈছে। একেদৰে আকৌ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ আটাইকেইখন চুবুৰী ক্ৰমে – শইকীয়া চুবুৰী, ডেকাচুবুৰী, কমাৰী চুবুৰী, বামুণ চুবুৰী, কোঁচৰ চুবুৰীৰ ৰাইজে সমূহীয়া হজৰ জৰিয়তে ইতিমধ্যে নিজ নিজ পথাৰত পূৰ্ব্বৰ পৰম্পৰা অনুসৰি ইতিমধ্যে ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ দিনা দুপৰীয়া ৰাইজৰ সমূহীয়া ভোজৰ আয়োজন কৰিছে। ডেকাচুবুৰীৰ ৰাইজে পূৰ্বৰ দৰে স্হানীয় টেকেলা পথাৰত ইতিমধ্যে ভেলাঘৰ নিৰ্মাণ কৰি ৰাজহুৱা নলনী পুখুৰীৰ মাছ মাৰি উৰুকাৰ দিনা দুপৰীয়া ৰাজহুৱা ভোজৰ আয়োজন কৰিছে। সেইদৰে শইকীয়া চুবুৰীৰ প্ৰয়াত তপন শইকীয়াৰ যৌথ পৰিয়ালটিয়ে প্ৰতি বছৰেই চুবুৰীৰ লোকসকলক আমন্ত্ৰণ জনাই উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পৰম্পৰা অনুসৰি বিগত সময়চোৱাত তপন শইকীয়াৰ ভাতৃ কুলেন শইকীয়া, সুধন শইকীয়া আৰু অজিৎ শইকীয়াই নিৰ্মাণ কৰি উলিওৱা ভেলাঘৰ নিৰ্মাণৰ পৰম্পৰাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰো উৰুকাৰ নিশা জুই পুৱাই এসাঁজ খাবলৈ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে এটি সুন্দৰ ভেলাঘৰ। তেজপুৰৰ নিকটৱৰ্তী দ পৰ্বতীয়া, হলেশ্বৰ, দ – বেছেৰীয়া, মাজগাঁও শইকীয়া চুবুৰী আদি অঞ্চলতো ৰাজহুৱা ভেলাঘৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰি তুলি উৰুকাৰ নিশা সন্মিলিত ভাৱে উৰুকাৰ ভোজৰ আয়োজন কৰিছে ৰাইজৰ দান বৰঙণিৰে।

মন্তব্য দিয়ক

Your email address will not be published.