মঙলত জীৱৰ সন্ধান নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰৰ

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুন : মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত অৱতৰণ কৰাৰ পোন্ধৰ মাহতকৈও অধিক সময়ৰ পাছত অৱশেষত নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰে প্ৰাচীন জীৱনৰ সন্ধান আৰম্ভ কৰিছে। যোৱা ২৮ মে’ত পাৰ্চেভাৰেন্সে ৫ চেণ্টিমিটাৰ বহল এটা বৃত্তাকাৰ শিলৰ টুকুৰা মাটিত পেলাই দিয়ে, যিটো এসময়ত ক্ৰেটাৰটোৰ নদী বদ্বীপ আছিল। এই বদ্বীপটো কোটি কোটি বছৰৰ আগতে গঠন হৈছিল; যেতিয়া দীৰ্ঘদিন ধৰি নোহোৱা হৈ যোৱা নদী এখনে জেজেৰ’ত পলসৰ তৰপ জমা কৰিছিল। নাছাই ইয়ালৈ ৰভাৰখন পঠোৱাৰ মূল কাৰণ হৈছে, পৃথিৱীত নদীৰ পলস সাধাৰণতে জীৱৰে ভৰি থাকে; গতিকে মঙলতো অনুৰূপ হ’ব পাৰে বুলি অনুমান কৰা হৈছে। অহা কেইমাহমান ৰোভাৰখনে জেজেৰো বদ্বীপত অন্বেষণ চলাব। অভিযানৰ সতে যুক্ত হৈ থকা বিজ্ঞানীসকলে সিদ্ধান্ত ল’ব যে, ক’ত ড্ৰিল কৰি শিলৰ নমুনা উলিয়াব বিচাৰে। নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থাই (ESA) সেই নমুনাবোৰ উদ্ধাৰ কৰি অধ্যয়নৰ বাবে পৃথিৱীলৈ ঘূৰাই পঠোৱাৰ পৰিকল্পনা কৰিছে। অৱশ্যে এই প্ৰক্ৰিয়াটো ২০৩৩ চনৰ পূৰ্বে সম্ভৱপৰ নহয়।

মন্তব্য দিয়ক

Your email address will not be published.