মঙলদৈ, ৬ ফেব্ৰুৱাৰী : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মঙলদৈ ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট লীগ প্ৰতিযোগিতাৰ আজি হোৱা প্ৰথমখন ছেমি ফাইনেলত শক্তি সংঘই মঙলদৈ টাউন ক্লাবক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জয়ী হৈ টাউন ক্লাবে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ২৮.২ অভাৰত সকলো উইকেটৰ বিনিময়ত ১১০ ৰান কৰে। দলৰ অনুভৱ আচাৰ্যই ২৬, আকিবুজ জামানে ১৫, সুমন ডেকাই ১৪, আছিফ ইকবাল মুৰ্চিদে ১০ ৰানৰ বৰঙণি আগবঢ়ায়। শক্তি সংঘৰ ৰঞ্জন সৰকাৰে ২৯ ৰানত তিনিটা, বিকি ৰজকে ১৮ ৰানত দুটা, টিংকু শ্বাহে ২৫ ৰানত দুটা উইকেট পায়। প্ৰত্যুত্তৰত শক্তি সংঘই ১১১ ৰানৰ টাৰ্গেট আগত লৈ ২৮.১ অভাৰত ছটা উইকেটৰ বিনিময়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। দলৰ জয়দ্বীপ সিঙে ৪৩, টিংকু শ্বাহে ১৭, ডামিয়েন চেৰেঙে ১৬, সাগৰ দাসে (অপৰাজিত) ১০ ৰান কৰে। টাউন ক্লাবৰ দীপাংকৰ নাথে ৩২ ৰানত তিনিটা, অনুভৱ আচাৰ্যই ১৬ ৰানত দুটা উইকেট পায়। কাইলৈ শান্তিপুৰ সংঘই ইউনাইটেড ক্লাবৰ বিপক্ষে দ্বিতীয়খন ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।