মডেলিঙৰ জগতত জামুগুৰিহাটৰ ১০ বছৰীয়া ইন্দিৰা শইকীয়াৰ সাফল্য

0 25

জামুগুৰিহাট: ২৬ জুলাইঃ এগৰাকী দহ বছৰীয়া ছোৱালী । ছোৱালী গৰাকীৰ নাম ইন্দিৰা শইকীয়া। শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰৰ কনমানি ইন্দিৰাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল। প্ৰতিভাসম্পন্ন কন্যা ইন্দিৰাই পোন প্ৰথমবাৰৰ বাবে তেজপুৰৰ মঞ্চত মডেলিং  প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০২২ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা ইন্দিৰা হৈছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰ নিবাসী ৰাজুমনি শইকীয়া আৰু মিতালী বৰ্মণ শইকীয়াৰ কন্য়া তথা টুপীয়া উদয়ন শিক্ষালয়ৰ ছাত্ৰী । দহ বছৰীয়া ইন্দিৰাই মডেলিঙৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ কেতেকীবাৰীস্থিত মোহিনী বিবাহ ভৱনত মিষ্টাৰ, মিচেছ, মিছ, টিনচ, কিডছৰ তেজপুৰ আসাম ২০২২ চিজন ৱানৰ মঞ্চত এম পি ইচকোৱাৰে আয়োজন কৰা এখন সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । উক্ত বঁটাত আছে এখন প্ৰশংসা পত্ৰ, এটা ৰূপৰ মুকুট। ইন্দিৰাৰ সাফল্যত বহুজনে আদৰণি জনাই উৎসাহ যোগাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.