মণিপুৰৰ বৰ্বৰ- জঘন্য কাণ্ডত জড়িতক ফাঁচী দিয়ক- সদৌ মিচিং নাৰী সংস্থা

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুলাই ঃ চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হোৱা জঘন্য-বৰ্বৰ অমানৱীয় কাণ্ডৰে জড়িত সকলক শীঘ্ৰে ফাঁচীৰ দাবী জনাইছে টাকাম মিচিং মিমৌ কেবাং তথা সদৌ মিচিং নাৰী সংস্থাই৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংস্থাটোৱে এখন সংবাদমেল সম্বোধন কৰি মণিপুৰত সংঘটিত হোৱা তথা মানৱ সমাজক লজ্জানত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আইনৰ সুৰুঙাৰে যাতে এইসকল পাপিষ্ঠ সাৰি যাব নোৱাৰে তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক মিচিং নাৰী সংস্থাই আহ্বান জনাইছে৷ এই সন্দৰ্ভত সংস্থাৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পেগুৱে কয় যে মণিপুৰত সংঘটিত হোৱা এই বৰ্বৰ কাণ্ড পৃথিৱীৰ ভিতৰতে বিৰল৷ কুকি সম্প্ৰদায়ৰ দুই মহিলাক ৰাজপথত উলংগ কৰি বলাৎকাৰ কৰি মানৱ সমাজত যি জঘন্য কাণ্ড দাঙি ধৰিলে এনে কাৰ্য ভৱিষ্যতে যাতে কোনো দেশতে নহয় তাৰ প্ৰতি সকলোকে দৃষ্টি ৰাখিবলৈ আহ্বান জনায়৷ একেদৰে কেন্দ্ৰীয় সভানেত্ৰী গীতাঞ্জলি বৰিয়ে কয় যে আমি মণিপুৰৰ বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু সমগ্ৰ বিশ্ববাসীৰ মাজত আমাক লজ্জানত কৰা দোষী লোকসকলক শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু পলাতক সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে৷ ৰাজ্যখনলৈ যাতে শান্তি শৃংখলা ঘূৰি আহে তাৰবাবে সকলো পক্ষকে আহ্বান জনায়৷ এইক্ষেত্ৰত শৰ্মিলা পায়েঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ বিচাৰি দোষীক ফাঁচী দিবলৈ দাবী জনায়৷ মহিলাসকলক সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈও তেওঁ আহ্বান জনায়৷ মণিপুৰৰ নাৰকীয় নাৰী নিৰ্যাতন-ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত কৰা সংবাদমেলত আজি টি এম এম কেৰ হৈ বিচিত্ৰা দলে, ইন্দিৰা চিন্তে কুম্বাং, কৰবী দলে পেগু, বিনীতা চাৰহ, পুষ্পা কুলি, দিপ্তী পাদুন আদি ভালেকেইগৰাকী মিচিং মহিলা নেত্ৰীয়ে অংশগ্ৰহণ কৰে৷ ইফালে সংবাদমেলত মহিলা নেত্ৰীসকলে কয় যে আইনৰ সুৰুঙাৰে যাতে এটাও পাষণ্ড সাৰি যাব নোৱাৰে তাৰ বাবে কেন্দ্ৰৰ লগতে¸ মণিপুৰ চৰকাৰক তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায়৷ মণিপুৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰি গৃহহীন সকলক পুনৰ সংস্থাপন দিবলৈ আৰু নিহতসকলৰ আত্মীয়ক তৎকালীন ভাৱে সাহাৰ্য প্ৰদান কৰি আহত সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সদৌ মিচিং নাৰী সংস্থাই আহ্বান জনায়৷ মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত যাতে নিৰীহ লোকসকলে প্ৰাণ হেৰুৱাব লগা নহয় তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ টি এম এম কেই দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.