মন্ত্রীসভাত স্থান পালে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই 

0 15
 শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ অৱশেষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত নতুনকৈ দুজন বিধায়কক স্থান দিয়া হ’ল। মিত্রদলক বাদ দি নিজ দলৰে দুই বিধায়কক মন্ত্রীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে। তেওঁলোক হৈছে নন্দিতা গার্লোচা আৰু জয়ন্ত মল্ল বৰুৱা। আজি তেওঁলোকৰ নাম ঘোষণা কৰা হয়। কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰী দুগৰাকীয়ে মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নামটো মন্ত্রীসভাৰ সম্প্ৰসাৰণত বিশেষভাৱে চৰ্চাত আছিল। সেই চৰ্চা অনুসৰি অৱশেষত তেওঁ মন্ত্রীসভাত স্থান পালে। ‘দাদা ব্ৰিগেড’ৰ তেওঁ অন্যতম এজন সদস্য আছিল। যাৰ বাবে তেওঁ মন্ত্রিত্ব পোৱাটো চৰ্চাত আছিল। ইফালে হাফলঙৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা উচ্চ শিক্ষিতা নন্দিতা গাৰ্লোচাই বিধায়ক হিচাপে এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছতেই মন্ত্রিত্ব লাভ কৰিলে। এইবাৰৰ মন্ত্রীসভাৰ সম্প্ৰসাৰণত পাহাৰৰ এজন বিধায়কে স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই ঘোষণা কৰি থৈছিল। মুখ্যমন্ত্রীৰ সেই ঘোষণাৰ পাছতেই নন্দিতা গাৰ্লোচাৰ নামটো চৰ্চালৈ আহিছিল। উল্লেখ যে কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে মুখ্যমন্ত্ৰী ড° শৰ্মাই সকলোকে আচৰিত কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল। তাৰ পাছতে কোন সম্প্ৰসাৰিত মন্ত্রীসভাত স্থান লাভ কৰিব, তাকে লৈ চৰ্চা চলিছিল। বিজেপিৰ মিত্ৰদল ইউ পি পি এল আৰু অগপই সম্প্ৰসাৰণত স্থান লাভ কৰিব বুলি আশা কৰিছিল। কিন্তু অৱশেষত মিত্রদলৰ আশা ভংগ হ’ল। আজি ঘোষিত বিজেপিৰ দুয়োগৰাকী বিধায়কে কাইলৈ বিয়লি মন্ত্রী হিচাপে শপত ল’ব।
মন্তব্য দিয়ক

Your email address will not be published.