মন্ত্ৰী ৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

0 16

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী ৰূপে আজি শপত ল’লে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই পৰম্পৰাগত সাজেৰে শপত গ্ৰহণ কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত দুয়োগৰ‍কীকে মন্ত্ৰী ৰূপে গোপনীয়তাৰ শপতবাক্য পাঠ কৰাই ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে। মুখ্যমন্ত্ৰীকে ধৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়কৰ উপস্থিতিত নন্দিতা গাৰ্লোছাই ইংৰাজীত আৰু জয়ন্ত মল্ল বৰুৱাই অসমীয়াত শপত বাক্য পাঠ কৰে। উল্লেখ যে জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে। আনহাতে নন্দিতা গাৰ্লোচাক শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব দিয়া হৈছে। ইফালে মন্ত্রীসভাৰ দপ্তৰৰো সাল-সলনি ঘটোৱা হৈছে। সেই অনুসৰি-
১.ৰঞ্জিত কুমাৰ দাস–পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন
২.অতুল বৰা– কৃষি, উদ্যান শস্য,পশুপালন , সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ন বিভাগ
৩.উৰ্খাও গৌৰা ব্ৰহ্ম– হস্ত তাঁত ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন
৪.চন্দ্ৰমোহন পাটোৱাৰী- বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন
৫.পৰিমল শুক্লবৈদ্য– পৰিবহন, মীন, আবকাৰী বিভাগ
৬.কেশৱ মহন্ত – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, মেডিকেল এডুকেশ্যন আৰু বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি বিভাগ
৭.ডাঃ ৰণোজ পেগু– শিক্ষা, জনজাতীয় উন্নয়ন
৮.অশোক সিংহাল– হাউচিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন
৯.যোগেন মহন- ৰাজহ, পাহাৰ উন্নয়ন
১০.সঞ্জয় কিষান- চাহ জনগোষ্ঠী উন্নয়ন, শ্ৰম বিভাগ
১১.অজন্তা নেওঁগ– বিত্ত, মহিলা আৰু শিশু উন্নয়ন
১২.পীয়ুষ হাজৰিকা– জলসম্পদ, জনসংযোগ আৰু সামাজিক ন্যায়
১৩.বিমল বৰা– উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা।

মন্তব্য দিয়ক

Your email address will not be published.