মলোকাই চেনেল জয়ী প্ৰথম এছীয় মহিলা হ’ল চায়নী

0 47
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ এপ্ৰিলঃ মলোকাই চেনেল জয় কৰি এছিয়া মহাদেশত ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ সন্তৰণবিদ বাংগকন্যা চায়নী দাসে (Sayani Das)। ইংলিছ চেনেলৰ পিছত এইবাৰ মার্কিন মুলুকৰ এই বিখ্যাত চছনেল জয় কৰিলে পশ্চিমবংগৰ পূব বর্ধমানৰ কালনা নিবাসী চায়নীয়ে। কেৱল ভাৰত নহয়, এছিয়া মহাদেশৰ প্রথম মহিলা সন্তৰণবিদ হিচাবে চায়নী দাসে মলোকাই চেনেল জয়ৰ নজিৰ সৃষ্টি কৰিলে। জয়ৰ পিছত তাত ভাৰতৰ জাতীয় পতাকা তুলি ধৰিলে চায়নীয়ে। ২৯ এপ্ৰিল, শুক্রবাৰে পুৱা আমেৰিকাৰ পৰা ফোনযোগে নিজ কন্যাৰ সেই ইতিহাস সৃষ্টিৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে চায়নীৰ পিতৃ তথা প্ৰশিক্ষক ৰাধেশ্যাম দাসে। উল্লেখযোগ্য যে, ৰটনেষ্ট আৰু কেটলিনা চেনেল জয়ৰ পিছত ২০১৭ চনত চায়নী দাসে ইংলিছ চেনেল জয় কৰিছিল। ২৮ এপ্রিলত ভাৰতীয় সময় অনুসৰি পুৱা ১০ বজাত চায়নী মলোকাই চেনেলৰ পানীত নামে আৰু ১৯ ঘণ্টাতকৈ বেছি সময় সাঁতুৰি মলোকাই চেনেল জয় কৰে।
মন্তব্য দিয়ক

Your email address will not be published.