মহাভাৰতৰ ইংৰাজ কথক পিটাৰ ব্ৰুকৰ দেহাৱসান

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই : পিটাৰ ব্ৰুকৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত এইজন ইংৰাজী থিয়েটাৰ আৰু চিনেমা পৰিচালকৰ বয়স আছিল ৯৮ বছৰ। পেৰিছত তেওঁৰ মৃত্যু হোৱা বুলি ৩ জুন দেওবাৰে খবৰ প্ৰকাশ পাইছে। ব্ৰুকৰ জন্ম হৈছিল ১৯২৫ চনত। ১৯৫০ চনৰ আৰম্ভণিৰ পৰাই তেওঁ থিয়েটাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৬০ চনৰ পৰা ফ্ৰান্স তেওঁৰ মূল কৰ্মস্থলী হৈ পৰিছিল। যদিও থিয়েটাৰ তেওঁৰ মাধ্যম আছিল, তথাপি তেওঁ ছবি পৰিচালনাতো সিদ্ধহস্ত আছিল। ব্ৰিটেইনৰ ৰয়েল শ্বেক্সপীয়েৰ কোম্পানীৰ সৈতে তেওঁ ৰোমিঅ’ এণ্ড জুলিয়েট, মেজাৰ ফৰ মেজাৰ, দ্য উইণ্টাৰছ টেল বা মাৰা/ছাদ আদি নাটক মঞ্চস্থ কৰিছে। শ্বেক্সপীয়েৰৰ উপৰি ইডিপাছৰ দৰে ধ্ৰুপদী নাটক পৰিচালনা কৰাৰ বাবেও তেওঁ প্ৰশংসিত হৈছে। তেওঁ পৰিচালনা কৰা উল্লেখযোগ্য চলচ্চিত্ৰসমূহ হ’ল দ্য বেগাৰ্ছ অপেৰা, কিং লিয়াৰ আৰু দ্য ট্ৰেজেডী অৱ হেমলেট। ব্ৰুকৰ ভাৰতৰ সৈতে আধ্যাত্মিক সম্পৰ্ক আছিল। ১৯৭৫ চনত তেওঁ ‘মহাভাৰত’ মহাকাব্যৰ ন ঘণ্টীয়া মঞ্চ অভিযোজন সম্ভৱ কৰি তুলিছিল। পিছলৈ ব্ৰুকে ১৯৮৯ চনত ইয়াক এখন ছবিলৈ ৰূপান্তৰিত কৰে। বিশ্বৰ বিভিন্ন দেশৰ অভিনেতাসকলে এই মহান কৰ্মত অংশগ্ৰহণ কৰিছিল। ব্ৰুকে কেতিয়াবা তেওঁৰ প্ৰডাকচনত পৰিত্যক্ত ঘৰ বা কাৰখানাৰ চেড ব্যৱহাৰ কৰি থিয়েটাৰটোক পৰম্পৰাগত ৰূপৰ পৰা আঁতৰাই আনিছিল। মহাভাৰত পৰিচালনা কৰাৰ পূৰ্বে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি অসংখ্য লোকশিল্পৰ বিষয়ে অধ্যয়ন কৰিছিল। ফলত তেওঁৰ ‘মহাভাৰত’ এনে এক প্ৰডাকচন হৈ পৰিল যিটো আগতে কেতিয়াও কল্পনা কৰা নাছিল। দীৰ্ঘ জীৱনত ব্ৰুকে বহু সন্মান লাভ কৰিছিল, য’ত আছে টনি বঁটা, এমি বঁটা, নাটক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ বঁটা ইবচেন বঁটা। ১৯৬৫ চনত ব্ৰুকক কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.