মাকুম পৌৰসভাৰ কাৰ্য্যালয়ত চোৰৰ হাত চাফাই অভিযান

0 13

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুলাই : স্মাৰ্ট অসম আৰক্ষীৰ নাকৰ তলতে চোৰে টিঘিলঘিলাই থকা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত এইবাৰ সাৰি ন’গল পৌৰসভাৰ কাৰ্য্যালয়ো । উল্লেখ্য যে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কেইবাদিনৰ পৰা চোৰৰ দলে মাকুমৰ ইখনৰ পাছত সিখন দোকানত সংঘটিত কৰি আহিছে চুৰি কাৰ্য । ইয়াৰ মাজতে যোৱা নিশা মাকুম পৌৰসভাৰ কাৰ্য্যালয়তো চোৰে তলা ভাঙি প্ৰবেশ কৰি হাত চাফাই অভিযান চলায় । নিশা চকীদাৰ উপস্থিত থকাৰ পাছতো মাকুম পৌৰসভাত সংঘটিত হয় এই চুৰিকাণ্ড । নিশা পৌৰসভাৰ কাৰ্য্যালয়ৰ তলা ভঙাৰ শব্দ শুনি চকীদাৰৰ দায়িত্বত থকা ব্যক্তিজনে ওলাই আহি চোৰে তলা ভাঙি থকা প্ৰত্যক্ষ কৰে যদিও প্ৰাণৰ মমতাত চোৰৰ দলৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে তৎকালে উৰ্দ্ধতন কৰ্তৃপক্ষক ফোনযোগে অৱগত কৰে । ইয়াৰ পাছত মাকুম পৌৰসভাৰ বিষয়া, কৰ্মচাৰীৰ লগতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । ঘটনা সন্দৰ্ভত মাকুম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এটা বিয়াগোম চৰকাৰী কাৰ্য্যালয়ত চোৰে উপদ্ৰৱ চলোৱাৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । জানিব পৰা মতে মাকুম পৌৰসভাৰ কাৰ্য্যালয়ত নাই এটাও চিচি টিভি কেমেৰা । দিনেনিশাই আৰক্ষীয়ে গিজগিজাই থকা চহৰখনত চোৰৰ টিঘিলঘিলনিয়ে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰাৰ পাছত এতিয়া পৌৰসভাৰ কাৰ্য্যালয়ো চোৰৰ টাৰ্গেট হৈ পৰাত সাধাৰণ ৰাইজে নিৰাপত্তা বিচাৰি ক’ত যাব তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.