শতাব্দ প্ৰতিনিধি, মাজুলী,২১ মে’: মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত আজি গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ
সুমন শ্যাম আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই স্ক্ৰীণ টানি, ফিটা কাটি মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় উদ্বোধন কৰে।বিয়লি দুই বজাত আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মাজুলীৰ উদীয়মান কন্ঠশিল্পী বৰষা দত্তই এটি বৰগীতৰে অনুষ্ঠানটীৰ শুভাৰম্ভ কৰে।ইয়াৰ পাছতেই উদ্বোধনী সভাত উপস্থিত থকা মন্ত্ৰী বিমল বৰা, গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ সুমন শ্যামৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে গাম্ভীৰ্যপূৰ্ণ উদ্বোধনীৰ মঞ্চ মুকলি হয়।সভাত আদৰণী ভাষণ দিয়ে যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশ মৃদুল কুমাৰ কলিতাই।২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলীক অসম চৰকাৰে জিলা ঘোষণা কৰাৰ পাছত আজি জিলা পৰ্যায়ৰ সত্ৰ ন্যায়াধীশ প্ৰক্ৰিয়া আৰম্ভ হ’ল। মাজুলী বাৰ এছছিয়েচনৰ তৰফৰ পৰা সভাপতি অতুল বৰাই আদৰণী ভাষণ দি মাজুলীৰ আইনৰ ইতিহাস ব্যাখ্যা কৰে আৰু মাজুলী ন্যায়াধীশ কাৰ্যালয়ৰ আন্ত:গাঁথনিৰ সকলো সমস্যা সভাত অৱগত কৰে। সভাত, মাজুলীৰ বাৰ এছছিয়েচনৰ সদস্যসকলে জ্যোতি সংগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উক্ত সভাত মাজুলীৰ উপায়ুক্ত পুলক মহন্তই বিশিষ্ট অতিথিৰ ভাষণ দি মাজুলী জিলাত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা জিলা সত্ৰ ন্যায়াধীশ স্থাপন হোৱাত সন্তোষ প্ৰকাশ কৰে। মাজুলী জিলা সত্ৰ ন্যায়াধীশ আৰু চি জি এম ভৱনৰ ফিটা কাটি ন্যায়াধীশ সুমন শ্যাম আৰু মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে। সভাত নৱ- নিযুক্ত মাজুলীৰ জিলা সত্ৰ ন্যায়াধীশ নগেন চেনাবয়া দেউৰীয়ে ভাষণ দি আজি মাজুলীৰ বাবে এটা মহান দিন, মহান মূহুৰ্ত বুলি উল্লেখ কৰে। জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় উদ্বোধন কৰি নিজৰ উদ্বোধনী ভাষনত গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ তথা যোৰহাট- মাজুলীৰ পৰ্টফলিউ ন্যায়াধীশ সুমন শ্যামে কয় আজি মাজুলীৰ বাবে এক স্মৰণীয় দিন হৈ ৰ’ব।মাজুলীৰ ধনী সাংস্কৃতিক পৰম্পৰা, মাজুলী শান্তিপূৰ্ণ বাতাবৰণ আৰু শুদ্ধতাক তেওঁ শ্ৰদ্ধা কৰা বুলি উল্লেখ কৰি মাজুলীৰ চহকী সমাজ সাংস্কৃতিক, ৰাজনৈতিক পৰম্পৰা ৰক্ষাত ন্যায়ালয়ে সকলো প্ৰকাৰে সহায় কৰিব বুলি উল্লেখ কৰে। মাজুলীত এখন ন্যায়াধীশ অতিথিশালা নিৰ্মাণ কৰাৰ বাবে তেওঁ অসম চৰকাৰক আহ্বান জনায়।সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ ক্ৰীড়া, যুৱকল্যাণ, শক্তি, সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী বিমল বৰাই। নিজৰ ভাষনত মন্ত্ৰী বৰাই কয় যে “আজি মাজুলীৰ বাবে গৌৰৱৰ দিন। মাজুলীয়ে মধ্যযুগৰ পৰাই সাংস্কৃতিক প্ৰবাহ অব্যাহত ৰাখিছে। এইখন মাজুলীত সকলোৱে সম উন্নয়নৰ বাবে চৰকাৰে জিলা ঘোষণা কৰিলে আৰু আজিৰ পৰা যোৰহাটৰ চেচন আদালতলৈ নোযোৱাকৈ মাজুলী বাসীয়ে জিলা পৰ্যায়ৰ ন্যায় পাব। কিন্তু, মাজুলীত ন্যায়ালয় বাঢ়িলেও অপৰাধ কিন্তু শুন্য হৈ থকাৰ তেওঁ আহ্বান জনায়। মাজুলীত এটা ন্যায়াধীশ অতিথিশালা নিৰ্মাণ কৰা হব বুলি উল্লেখ কৰি মাজুলীয়ে শিক্ষা, সংস্কৃতি, ন্যায় সকলোতে নেতৃত্ব লবলৈ আহ্বান জনায়। সভাত শলাগৰ শৰাই প্ৰদান কৰে যোৰহাটৰ সত্ৰ ন্যায়াধীশ বিজয় কুমাৰ সিঙে। নাদিয়া ৰেহমানে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাজুলীৰ সকলো চৰকাৰী বিভাগৰ মুৰব্বী আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰী বিমল বৰাই মাজুলী যোৰহাট সংযোগী দলং খন নিৰ্মাণত দুই এটা খুঁটি নাতি ওলাইছে সেইটো শীঘ্ৰে সমাধান কৰি সময়মতে দলং নিৰ্মাণ সম্পূৰ্ণ হব।মাজুলী ৰাইজে চিন্তা কৰিব নালাগে বুলি উল্লেখ কৰে।টেকনিকেল টিমে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম তীক্ষ্ণ নজৰত থাকিব বুলি উল্লেখ কৰে।