মাজুলীৰ বিধায়ক গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত শোণিতপুৰৰ খনামুখত

 বিধায়কৰ পত্নীসহ আহত একাধিক

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মেঃ আজি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে শোণিতপুৰহৈ আহি থকা অৱস্থাত খনামুখত মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাত পতিত হয়৷ দুৰ্ঘটনাটোত বিধায়ক সহ বাহনখনত থকা বিধায়কজনৰ পত্নী আৰু দেহৰক্ষীসহ কে’বাজনো লোক আহত হয়।উল্লেখযোগ্য যে, বিধায়ক গাম সপত্নীক মাজুলীৰ পৰা গুৱাহাটীলৈ এ এছ০১এফএফ-১২০০ নম্বৰৰ কিয়া কাৰ্নিভেল বাহন খনৰে আহি থকাৰ সময়ত দিনৰ প্ৰায় ১১.৩০ বজাত খনামুখত একেদিশৰ পৰা আহি থকা তীব্ৰ বেগী এ এছ১২ ৱাই ৭২৮৯ নম্বৰৰ বলেৰ বাহনৰ স’তে সংঘৰ্ষ হোৱাৰ ফলত বলেৰখন চিটিকি পথৰ কাষৰ খাৱৈত বাগৰি পৰাৰ বিপৰীতে বিধায়ক গামৰ বাহনখনো পথৰ কাষৰ বালিৰ দমত সোমাই পৰাত বাহন খনৰ যথেষ্ট ক্ষতি হয়।আনহাতে দুৰ্ঘটনাটোত বিধায়ক গৰাকীৰ পত্নী পূন্য জ্যোতি গাম, গাড়ীচালক সোমেশ্বৰ বৰা, বিধায়ক গৰাকীৰ সহকাৰী মাধব দলে, দেহৰক্ষী ত্ৰৈলোক্য সোনোৱাল আৰু ধীৰাজ মালি আঘাত প্ৰাপ্ত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্স ঘটনা স্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি বালিপৰা খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ অনা হয় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্হানান্তৰ কৰা হয়৷ অৱশ্যে আহত আটাইকেজন সম্প্ৰতি সংকটমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.