শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ আগষ্ট : আমেৰিকাৰ কেলিফৰ্ণিয়াত আকাশমাৰ্গত দুখন বিমানৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাটোত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। সংবাদ সংস্থাই জনোৱা মতে, ১৮ আগষ্ট বৃহস্পতিবাৰে ৱাটছনভিলৰ স্থানীয় বিমানবন্দৰত দুখন সৰু বিমান অৱতৰণ কৰাৰ চেষ্টা কৰিছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ৱাটছনভিল পৌৰ বিমানবন্দৰটোত বিমান উৰণ আৰু অৱতৰণ কৰাৰ বাবে কোনো ‘কণ্ট্ৰল টাৱাৰ’ নাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰাণৱেত কোনো লোক আহত হোৱা নাছিল। নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি বিমান দুখনত মুঠ তিনিজন লোক আছিল। দুৰ্ঘটনাত তেওঁলোকৰ কোনো এজন বাচিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমান দুখন মাটিৰ পৰা ২০০ ফুট ওপৰত আছিল। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই কথা জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।