মানৱ শৰীৰত ভাইৰাছ প্ৰয়োগেৰে কৰ্কট ৰোগ চিকিৎসাৰ নতুন পদ্ধতি উদ্ভাৱন
প্ৰাথমিক স্তৰতে থকা গৱেষণাই কঢ়িয়াইছে নতুন আশা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে’ :
কৰ্কট ৰোগৰ চিকিৎসাৰ ক্লিনিকেল পৰীক্ষাৰ বাবে ইতিহাসত প্ৰথমবাৰৰ বাবে মানৱ শৰীৰক ব্যৱহাৰ কৰাৰ বাতৰিয়ে কিঞ্চিৎ হ’লেও আশাৰ বতৰা কঢ়িয়াই আনিছে। কৰ্কট ৰোগক ৰোধিবলৈ জিনীয় প্ৰযুক্তি কৌশলৰ দ্বাৰা উদ্ভাৱন কৰা এবিধ ভাইৰাছক ইতিমধ্যে মানৱ শৰীৰত প্ৰয়োগ কৰা হৈছে। Oncolytic Virus Therapy নামৰ এই চিকিৎসা পদ্ধতিটো হৈছে একপ্ৰকাৰৰ ইমিউন’থেৰাপি য’ত একপ্ৰকাৰ ভাইৰাছ ব্যৱহাৰ কৰি শৰীৰত থকা কৰ্কট কোষক সংক্ৰমিত কৰি ধ্বংস কৰে। Vaxinia(CF33 – hWIS) নামৰ এই ভাইৰাছ বিধে কৰ্কট ৰোগ সৃষ্টি কৰা কোষ আৰু টিউমাৰ সমূহক ধ্বংস কৰাৰ ক্ষমতা আছে বুলি গৱেষক বিজ্ঞানী সকলে দাবী কৰিছে। মানৱ দেহত এই ভাইৰাছ বিধ প্ৰয়োগৰ পাছত ই বিস্ফোৰিত হৈ সহস্ৰাধিক ভাইৰাছ কণিকাৰ সৃষ্টি কৰে আৰু ই এণ্টিজেনৰ দৰে কাম কৰি শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাটো শক্তিশালী কৰি নতুন কৰ্কট কোষ সমূহক ধ্বংস কৰে। ইতিমধ্যে এন্দুৰৰ দেহত এই পৰীক্ষা কাৰ্য সফলতাৰ সম্পন্ন হৈছে আৰু এই পৰীক্ষা কাৰ্যৰ নেতৃত্ব দিয়া বিজ্ঞানী ডাঃ ছুছান ৱাৰ্ণাৰে CF 33 ঔষধ এন্দুৰৰ ওপৰত প্ৰয়োগ কৰি ইতিবাচক ফলাফল লাভ কৰিছে বুলি জানিবলৈ দিছে। এই বিশেষ ঔষধ বিধ উদ্ভাৱন কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত থকা City of Hope Cancer Care & Research Centre ত। এই গৱেষণা কাৰ্যৰ লগত অষ্ট্ৰেলিয়াৰ Imugene নামৰ এটা জৈৱ প্ৰযুক্তি বিষয়ক প্ৰতিষ্ঠানো জড়িত হৈ আছে। উল্লেখযোগ্য যে, মানৱ শৰীৰত এই ঔষধটোৰ প্ৰয়োগ আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ Food & Drug Administration এ ২০২১ চনৰ ডিচেম্বৰ মাহত গৱেষণা প্ৰতিষ্ঠানটোক অনুমতি প্ৰদান কৰিছিল। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত লক্ষ লক্ষ ৰোগীসকলৰ বাবে এই গৱেষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও গৱেষক-বিজ্ঞানী সকলৰ মতে অন্তত: দুবছৰৰ পূৰ্বে এই ঔষধ বজাৰত উপলদ্ধ হোৱাৰ আশা ক্ষীণ। কিয়নো এই গৱেষণা পৰ্যায় একেবাৰে প্ৰাথমিক স্তৰতে আছে। এই ঔষধটোৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে কম পক্ষেও দুবছৰ সময়ৰ প্ৰয়োজন হ’ব। এই পৰীক্ষা কাৰ্য পৰ্যায় ক্ৰমে বিভিন্ন স্থানত সম্পাদন কৰা হ’ব। তদুপৰি CF 33 ঔষধটো এশৰো অধিক কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক প্ৰয়োগ কৰিব লাগিব আৰু এনে ৰোগী সকলে কমপক্ষেও কৰ্কট ৰোগৰ দুটা নিৰ্ধাৰিত চিকিৎসা পদ্ধতি গ্ৰহণ কৰা হ’ব লাগিব।
বিজ্ঞানীসকলৰ মতে বজাৰত এই ঔষধটো উপলদ্ধ হোৱাৰ পূৰ্বে দুটা কথা নিশ্চিত হ’ব লাগিব যে, এই ঔষধটো মানৱ শৰীৰত প্ৰয়োগৰ বাবে সুৰক্ষিত হয় নে নহয় আৰু আনটো হৈছে ঔষধটোৱে সক্ৰিয় ভাবে কৰ্কটৰ কোষসমূহ ধ্বংস কৰিব পাৰিছে নে নাই।