মাৰ্ঘেৰিটাৰ টিককত কয়লা খনন
তিনিচুকীয়াৰ উপায়ুক্তক শপতনামা দাখিলৰ নিৰ্দেশ হাইক’ৰ্টৰঃ ৩ জুনত পৰৱৰ্তী শুনানি
শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ১৯ মেঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিককত চলি থকা কয়লা খনন সন্দৰ্ভত উপায়ুক্তৰ পৰা জবাব বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে দিহিং পাটকাইৰ শালেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ কয়লা খননক লৈ উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ উপৰি এই সন্দৰ্ভত বিভিন্ন পক্ষই দাখিল কৰিছিল কেইবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদন (পি আই এল)। ইয়াৰে মঙ্গলবাৰে অনুষ্ঠিত শুনানিত উচ্চতম ন্যায়ালয় আৰু পৰিবেশ মন্ত্ৰালয়ৰ নীতি, নিৰ্দেশনাৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তই টিকক সম্প্ৰসাৰণ অ’ চি পিত কয়লা খননৰ অনুমতি প্ৰদান কৰাৰ বিষয়টো উত্থাপিত হোৱাত ইয়াক অকৰ্তৃত্বশীল বুলি দাবী কৰে আবেদনকাৰীসকলৰ অধিবক্তাই । আনহাতে ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা পি এন গোস্বামীয়ে উপৰুক্ত কয়লা খনন পি আই এলখনৰ আওতাৰ বাহিৰত আৰু এই খনন কাৰ্য্য চলাই যোৱাত কোনো বাধা নাই বুলি উল্লেখ কৰে । উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) এন কটিশ্বৰ সিং আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয়টো পৰীক্ষা কৰাৰ স্বাৰ্থত তিনিচুকীয়াৰ উপায়ুক্তক কিহৰ ভিত্তিত টিকক সম্প্ৰসাৰণ অ’ চি পিত কয়লা খনন চলাই থকা হৈছে আৰু কোনখিনি নিৰ্দিষ্ট ভৌগোলিক এলেকাত খনন চলি আছে এই সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে । উক্ত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ৩ জুনত ধাৰ্য্য কৰা হৈছে ।
