‘মিছ ইণ্ডিয়া’ৰ বাবে প্ৰস্তুতি অসমীয়া মডেল পৰিস্মৃতাৰ

0 183

মুক্তাৰ আলী

মডেলিঙৰ ক্ষেত্ৰতখনত খোজ থৈ সফলতাৰ বাটেৰে ক্ৰমশ: ধাৱমান হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজগড়ৰৰ পৰিস্মিতা ভূঞা। অধ্যয়নৰ সমান্তৰালকৈ মডেলিঙৰ ৰেম্পত খোজ থৈ বৰ্তমানলৈকে কেইবাটাও ঢাপত নিজৰ প্ৰতিভা প্ৰকাশ কৰি শ্ৰেষ্ঠত‌্ব অৰ্জন কৰি দেখুৱাইছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ চতুৰ্থ ষান্মাষিকত অধ‌্যয়নৰত ছাত্ৰীগৰাকীয়ে। বৰ্তমান মুম্বাইত অনুষ্ঠিতৱ্য ফেমিনা মিছ ইণ্ডিয়া’ প্ৰতিযোগিতাৰ বাবে নিজক প্ৰস্তুত কৰি থকা পৰিস্মিতাই যোৱা এপ্ৰিল মাহত গুৱাহাটীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত স্পাৰ্ক ইভেণ্ট মেনেজমেণ্টেৰ দ্বাৰা সপ্তমবাৰৰ বাবে আয়োজিত প্ৰতিযোগিতাত স্পাৰ্ক মিছ আছাম বেণ্ড এম্বেচাডৰ-২০২২ হিচাপে বিজয়ী হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ পূৰ্বে লখিমপুৰৰ ছাৰনাজ হোটেলত আয়োজিত প্ৰতিযোগিতাত লখিমপুৰ প্ৰিন্সেচ, গ্লেম আছামৰ অধীনত শোণিতপুৰত আয়োজিত প‌্ৰতিযোগিতাত বিউটিফুল ফিগাৰ’ৰ খিতাপ অৰ্জনেৰে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল পৰিস্মৃতা। এসময়ৰ অনগ্ৰসৰ ৰাজগড় অঞ্চলত সেউজ বিপ্লৱৰ সুচনা কৰা প্ৰশান্ত ভূঞা আৰু সৰবৰহী মহিলা মঞ্জু হাজৰিকাৰ কন্যা পৰিস্মৃতাই নিজৰ কৃতিত্ব আৰু প্ৰতিভা প্ৰচাৰত নিজকে ব্যস্ত ৰখাৰ পৰিৱৰ্তে আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে নিজক প্ৰস্তুত কৰাটোহে বেছি গুৰুত্বপূৰ্ণ বুলি মত ব্যক্ত কৰে।একাধাৰে সংগীত আৰু নৃত্য সাধনাত ব্ৰতী হৈ নিজৰ কৰণীয়খিনি নিৰবিচ্ছিন্নভাৱে আগবঢ়াই লৈ যোৱা পৰিস্মৃতাৰ পৰা অনাগত দিনত ভাল খবৰৰ আশা কৰাটো মুঠেই অমূলক নহয় বুলি সচেতন সমাজে চৰ্চা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.