শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ অসম কলেজ অধ্যক্ষ পৰিষদে বৰ্তমান ৰাজ্যখনৰ বান বিধ্বস্ত পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ ছয় লাখ ৫০ হেজাৰ টকা আগবঢ়াইছে।ৰাজ্যখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলে আগবঢ়োৱা এই ধন গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো অধ্যক্ষলৈ ধন্যবাদ জ্ঞাপন কৰি অনাগত এটা দিনত প্ৰতিখন জিলাৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ সকলৰ প্ৰতিনিধিৰ সতে মিলিত হ’ব বুলি জনায়। উল্লেখযোগ্য যে, অসম কলেজ অধ্যক্ষ পৰিষদে ইতিমধ্যে চূড়ান্ত বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে জলপানী আগবঢ়োৱাৰো ব্যৱস্থা কৰিছে বুলিও সদৰি কৰিছে। পৰিষদৰ সভাপতি ড° সৌমাৰ জ্যোতি মহন্ত আৰু সম্পাদক ড° ৰঞ্জন কলিতাই প্ৰতিজন অধ্যক্ষলৈ ধন্যবাদ জনাই অসামৰিক প্ৰতিযোগিতামূলক পৰীক্ষাৰ জলপানী পৰীক্ষাত অবতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।