মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত বিধায়ক অখিল গগৈ

0 37

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ মে’ : ইন্ধনকে ধৰি নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ৰাজপথলৈ ওলাই আহে ৰাইজৰ দল। বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ ৰটাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি গুৱাহাটী ক্লাৱত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। প্ৰতিবাদকাৰীসকলে ৰটাৰীৰ পৰা আগুৱাই আহিব বিচাৰিছিল যদিও বেৰিকেট দি আৱদ্ধ কৰি ৰখা হয়। প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া বিধায়ক অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে জনসাধাৰণৰ দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিকাৰমূলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰঞ্চ সাধাৰণ খাটি-খোৱা ৰাইজক এনে অস্থিৰ সময়ত আশ্বাস দিয়াৰ পৰিৱৰ্তে ৰাজ্যৰ শীৰ্ষ বিজেপিৰ নেতা-মন্ত্ৰীসকলে চালে-বেৰে কোবোৱা কথা কৈ, হাঁহিৰ খোৰাক জন্মাব পৰা কিছুমান কৌতুক কৈ সাধাৰণ ৰাইজৰ দুৰৱস্থাক উপহাস কৰিছে। এই কাৰ্যক আমি ধিক্কাৰ দিছো বুলি তেওঁ কয়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি ৰাইজৰ দলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰধানমন্ত্ৰীলৈ অসমৰ জনতাৰ এক লাখ গণ স্বাক্ষৰ প্ৰেৰণ অভিযানৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.