মূল্যবোধ সম্পন্ন সমাজৰ সুস্থ নাগৰিক হোৱাৰ আহ্বানেৰে ৪৮ শিক্ষাৰ্থীক অভিনন্দন

তেজপুৰ বেছেৰীয়াৰ "জ্ঞানম" শৈক্ষিক ন্যাসৰ পদক্ষেপ

0 23

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেজপুৰ বেছেৰীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈ কৃতিত্বৰ পৰিচয় দিয়া শিক্ষাৰ্থীসকলক আজি স্হানীয় “জ্ঞানম” শৈক্ষিক ন্যাসৰ তৰফৰ পৰা এক বিশেষ অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰা হয়। জ্ঞানম ন্যাসৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক দীপ্তি কুমাৰ বৰাৰ পৌৰোহিত্যত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪৮ গৰাকীকৈ শিক্ষাৰ্থীক একোখনকৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস আৰু দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াই আগন্তুক উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। জ্ঞানমৰ সদস্য শিক্ষক পলাশ কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত অতিথিৰ আসনৰ পৰা তিনিওগৰাকী বিশিষ্ট অতিথিয়ে আশীৰ্বাদ সূচক ভাষণ প্ৰদান কৰি শিক্ষাৰ্থী সকলক তথাকথিত ডাঙৰ মানুহ হোৱাৰ ধাৰণা মনৰ পৰা সমূলি ত্যাগ কৰি এগৰাকী মূল্যবোধ সম্পন্ন সমাজৰ সুস্থ নাগৰিক হোৱাৰ বাবে আশা ব্যক্ত কৰে। উল্লেখ্য যে এই অনুষ্ঠানত জ্ঞানমৰ সম্পাদক অভিজিৎ কলিতাই শলাগ জ্ঞাপন কৰি অঞ্চলটিৰ আৰ্থিক ভাৱে শোচনীয় পৰিয়ালৰ কৃতী ছাত্ৰী কৰিণা কটকীৰ উচ্চতৰ মাধ্যমিকত পঢ়াৰ সকলো দায়িত্ব ব্যক্তিগত ভাৱে কান্ধ পাতি লোৱাৰ কথা ঘোষণা কৰাত ন্যাসে শলাগ জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.