শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুলাইঃ মৃত্যুপুৰীত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ কেতবোৰ নিচামুক্তি কিম্বা পুনৰসংস্থাপন কেন্দ্ৰৰ ক্ষেত্ৰত অৱশেষত কঠোৰ হ’বলৈ বাধ্য হ’ল জিলা প্ৰশাসন। উল্লেখ্য যে কোনো বৈধ অনুজ্ঞাপত্ৰ বা অনুমতি অবিহনে তথা কোনো অৰ্হতাসম্পন্ন পেছাদাৰী নোহোৱাকৈ চলাই থকা এনে নিচামুক্তি তথা পুনৰসংস্থাপন কেন্দ্ৰত অমানৱীয় ঘটনা সংঘটিত হোৱাৰ একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত তিনিচুকীয়া জিলা প্ৰশাসনৰ গা লৰা পৰিলক্ষিত হৈছে। এই কেন্দ্ৰবোৰত বাস কৰা আবাসীসকলৰ জীৱন তথা স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে আজি জাৰী কৰা এক আদেশযোগে ভাৰতীয় কাৰ্য্যবিধি আইনৰ ১৩৩ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনতে অনুজ্ঞাপত্ৰ/অনুমতি নথকা তথা অৰ্হতাসম্পন্ন পেছাদাৰী অবিহনে চলাই থকা নিচামুক্তি/ পুনঃসংস্থাপন কেন্দ্ৰসমূহ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই আদেশ বাহাল থাকিব । অৱশ্যে উক্ত আদেশৰ দ্বাৰা ক্ষুব্ধ যিকোনো ব্যক্তিয়ে এই আদেশৰ পৰা অব্যাহতিৰ বাবে আপত্তি দাখিল কৰিব পাৰিব। আনহাতে এই আদেশ উলংঘনকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন ১৮৮ ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।