মেছিৰ ‘মেজিক মমেণ্ট’

'লাইফ লাইন' বাঢ়িল আৰ্জেণ্টিনাৰ

0 32

দাদুল দেৱকৃষ্ণ বৰুৱা

এটা লক্ষ্যৰ বাবে অপেক্ষা কৰি কৰি সময় অতীত হৈ যায়। মেক্সিকোৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰিস্থিতিও একেধৰণৰ আছিল। ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনা দ্বিতীয়খন খেলত নামিল। যিখনত হাৰিলে এই ফুটবল মহাকুম্ভৰ পৰা বাহিৰ হৈ যোৱাটো প্ৰায় নিশ্চিত। জয়ী হ’লেই জীয়াই থাকিব আশা। কিবা এক বিশেষ কৌশলৰ প্ৰয়োজন আছিল! বিশেষ উৎসাহৰ প্ৰয়োজন আছিল! কিন্তু মেক্সিকান ডিফেন্স ভাঙি পেলোৱাটো তেনেই সহজ নাছিল। বলটো গ’লৰক্ষক অচোয়াৰ ওচৰো নাপালেগৈ। দ্বিতীয়াৰ্ধত ডি মাৰিয়াৰ পাছ, এটা ছুইপিং শ্বট আৰু… সেই সময়ত লুচিলৰ গেলেৰী আছিল উন্মুক্ত। হৰ্ষোল্লাসে চুইছিল আকাশ। চুবই। কাৰণ মেছিয়ে গ’ল কৰিছে। লিয়নেল মেছিৰ যাদুকৰী গ’ল। বিশ্বকাপত বৃদ্ধি পালে আৰ্জেণ্টিনাৰ ‘লাইফ লাইন’। বিশ্বকাপ যেন পুনৰ প্ৰাণ পাই উঠিল! ইয়াতেই শেষ নহয়। তৰুণ ফুটবলাৰ এনজোৰ নিৰ্দোষ শ্বট এতিয়াও বাকী আছে… মেছিৰ পাছৰ পৰা এনজোৱে বলটো পাইছিল। শাৰীত মেছি-নেমাৰ-ৰোনাল্ডোৰ সমতুল্য এই সময়ত কাটাৰত আছেইবা কি! মেছিক ইমান আৱেগিক, ইমান উত্তেজিত দেখা নাযায় সাধাৰণতে! সদায় শান্ত। অৱশ্যে মেক্সিকোৰ বিৰুদ্ধে গ’ল দিয়াৰ পাছত তেওঁৰ উত্তেজনা স্বাভাবিকতে পৰিলক্ষিত হৈছিল৷ ঠিক তেওঁৰ পাৰ্ফমেন্সৰ দৰেই। লিয়নেল মেছি, ক্রিষ্টিয়ানো ৰোনাল্ডো, নেইমাৰ যেতিয়া খেলপথাৰত প্রৱেশ কৰে, তেতিয়া বিপক্ষৰ হাতত মাত্র এটাই লক্ষ্য থাকে৷ সেয়া হ’ল গ’ল দিয়াৰ পৰা বিৰত ৰাখিব লাগে। সেই ৰণকৌশলে কিন্তু নেইমাৰৰ ক্ষেত্ৰত কাম কৰা নাছিল। কাৰণ তেওঁৰ দলত আৰু বহু বিকল্প আছে। ৰোনাল্ডোৰ দলটোৱেও জয়লাভ কৰিলে। মেছিৰ বাবে প্ৰথমখন মেচৰ পৰাই বিশ্বকাপ অভিযান কঠিন হৈ পৰিছিল। মেক্সিকোৰ এটাই লক্ষ্য আছিল— নিজৰ জয় নহয়, আৰ্জেণ্টিনাক জয়ী হ’বলৈ নিদিয়া। মেছি য’লৈকে নাযাওক কিয়, তিনিজন অন্ততঃ ছাঁৰ দৰে সংগী থাকিব। প্ৰথমাৰ্ধত দুয়োটা দলে মিলি ৪টা শ্বট লৈছিল! প্ৰথমাৰ্ধত স্ক’ৰ লাইন আছিল স্ক’ৰলেছ। বৰঞ্চ শেষৰফালে আৰ্জেণ্টিনা বিপজ্জনক পৰিস্থিতিত পৰিল। বিৰতিৰ ঠিক আগতে। মেক্সিকোক দিয়া ফ্ৰী কিক। ভেগাৰ ফ্ৰী কিক্ লক্ষ্যভিমুখী। আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজৰ এটা ডাঙৰ গ্ৰিপ। ৰক্ষা পৰিল এবাৰলৈ। নহ’লে সেই সময়ত আৰ্জেণ্টিনা পিছ পৰি থাকিলহেঁতেন। আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে বিগত মেচৰ একাদশত কেইবাটাও পৰিৱৰ্তন সাধন কৰিছিল। বিশেষকৈ চাৰিজন ডিফেণ্ডাৰৰ ভিতৰত তিনিজনক সলনি কৰিছিল। মিডফিল্ডটো পৰিৱৰ্তন আনিছিল। কিন্তু ক’ত কেনেকৈ সৃষ্টি হ’ব সুযোগ! বিশ্বকাপৰ পূৰ্বে ৩৬খন মেচত অপৰাজিত হৈ আছিল আৰ্জেণ্টিনা, কিন্তু চৌদি আৰৱৰ হাতত পৰাজয়ৰ গ্লানিয়ে ম্লান কৰিছিল সেই ৰেকৰ্ড। আজিৰ মেচত, আজিৰ দিনটোত মেছিয়ে এক ৰেকৰ্ডো গঢ়িলে। বিশ্বকাপত খেলৰ সংখ্যাত ফুটবলৰ ৰাজকুমাৰ ডিয়েগো মাৰাড’নাক চেৰ পেলালে লিয়নেল মেছিয়ে। তেওঁ বিশ্বকাপৰ ২১ সংখ্যক মেচ। ক’ব পাৰি বিশ্বকাপৰ মঞ্চত তেওঁৰ বাবে এইখন আটাইতকৈ কঠিনতম মেচ। কাৰণ পৰাজয় মানেই বাহিৰ। লুচাইলত অনুষ্ঠিত ব্ৰাজিল-ছাৰ্বিয়াৰ খেলখনো প্ৰথমাৰ্ধত স্ক’ৰলেছ হৈ আছিল। দ্বিতীয়াৰ্ধত দেখা গ’ল যাদু। আৰ্জেণ্টিনাৰ শিবিৰেও তেনেকুৱা কিবা এটা আশা কৰিছিল। ৫০ মিনিটত গুটিয়েৰেজে গ’ল বক্সৰ সন্মুখত মেছিক ফাউল কৰে। ফলাফল স্বাভাৱিক— আৰ্জেণ্টিনাক ফ্ৰী কিক্ প্ৰদান। মেছিয়ে ফ্ৰী কিক্ লয় যদিও ক্ৰছবাৰৰ বহু ওপৰেৰে গ’ল। নষ্ট হ’ল এক সোণালী সুযোগ। ঠিক ব্ৰাজিলৰ মেচখনৰ দৰেই প্ৰথমাৰ্ধ গ’লহীন। দ্বিতীয়াৰ্ধত এটা উৎকৃষ্ট গ’ল। বিশ্বকাপ আৰু গুইলাৰমো অচোয়াৰ মাজত এক বৃহৎ সম্পৰ্ক। শেষৰখন মেচতো পোলেণ্ডৰ বিৰুদ্ধে পেনাল্টি ৰক্ষা কৰি নায়ক হৈ পৰিছিল। আজিৰ দিনটোতে মেক্সিকোৰ ডিফেন্স ভাঙি ঘামচি ওলাইছিল। এনে পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল অচোয়া। অৱশ্যে ৬৪ মিনিটত ডি মাৰিয়াৰ শ্বৰ্ট পাছ, মেছিৰ আশ্চৰ্যকৰ শ্বট আৰু অচোয়া পৰাভূত। দ্বিতীয়টো গ’লৰ গ’লমেকাৰো অধিনায়ক মেছিয়েই। মেছিৰ পাছৰ পৰা এনজো ফাৰ্নাণ্ডেজৰ চমৎকাৰ শ্বট। ঈগলৰ দৰে উৰিও লাভ নহ’ল অচোয়াৰ। প্ৰথমখন খেলত চৌদি আৰৱৰ হাতত অপমানজনক পৰাজয়ৰ পিছত বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ বিপদ ঘণ্টা বাজি উঠিছিল। আৰু এতিয়া লিয়নেল মেছিৰ আৰ্জেণ্টিনা অবিশ্বাস্যভাৱে উভতি আহিছে বিপদসীমাৰ পৰা।

মন্তব্য দিয়ক

Your email address will not be published.