শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ যোৱা নিশাৰে পৰা গুৱাহাটী, উত্তৰ লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, শদিয়া, ডিব্ৰুগড়ৰ একাধিক স্থানত আৰক্ষীয়ে অভিযান চলাই মুঠ ২২ ব্যক্তিক সোধপোছৰ বাবে আটক কৰে বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰী কৰিছে।