মেডিকেল কলেজৰ MBBS আৰু PGৰ আসন আৰু খালী নাথাকিব!

নতুন পদক্ষেপ গ্ৰহণৰ দিশে চৰকাৰ

0 23
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুনঃ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে মেডিকেল কলেজত আসন খালী হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। জানিব পৰা মতে, এতিয়া কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এনে নীতি গ্ৰহণ কৰিছে যাৰ ফলত নামভৰ্তিৰ শেষ তাৰিখলৈকে খালী হোৱাৰ সম্ভাৱনা হ্ৰাস পাব। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে পিজিৰ ১৪৫৮খন আসন খালী হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এফালে পিজিৰ আসনৰ নাটনি আৰু আনফালে আসন খালী হোৱাত বহু লোক চিন্তিত হৈ পৰিছে। ইফালে এমবিবিএছ অল ইণ্ডিয়াতো খালী হৈ আছে ৩২৩খন আসন। লগতে মেনেজমেণ্ট কোটাত খালী হৈ আছে প্ৰায় ৩ হাজাৰ এমবিবিএছ আসন। এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে, কোনো আবেদন নথকাৰ বাবে পিজিৰ কিছুমান আসন খালী হৈ থকা দেখা গৈছে। আৰু দেখা গৈছে যে, মেনেজমেণ্ট কোটাৰ প্ৰায়বোৰ আসন খালী হৈ আছে। দেশত ৯১ হাজাৰ এম বি বি এছৰ আসন খালী আৰু ৪২ হাজাৰ পি জি আসন খালী হৈ আছে। পিজিৰ খালী হৈ থকা আসনত চলিত বৰ্ষত ৯৩০টা ছুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰম আছিল।
মন্তব্য দিয়ক

Your email address will not be published.