শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জুলাই : অপ্ৰতিদ্বন্দ্বী মীৰাবাই চানুৰ বাৰ্মিংহাম কমনৱেলথ গেমছত যুদ্ধ আছিল নিজৰ লগত। সেই যুঁজত চূড়ান্ত সফল ভাৰতীয় তাৰকাগৰাকী। মহিলা ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত চানুৱে সোণৰ পদক লাভ কৰে, বাকীসকল বহু পিছত। বাকী অনুষ্ঠানটো কাৰ্যতঃ ৰূপ আৰু ব্ৰঞ্জৰ বাবে যুদ্ধ আছিল। এনে লাগিছিল যে সোণৰ পদকটো মীৰাবাইৰ বাবেই সংৰক্ষিত আছিল। চানুৱে একেবাৰে শেষত ‘আহিলে, দেখিলে, জয় কৰিলে’ৰ সুৰত প্ৰৱেশ কৰি ডিঙিত সোণৰ পদক ওলোমাই গুচি গ’ল। স্নেচত ৮৮ কেজি ওজন তুলি লৈ কমনৱেলথ গেমছৰ অভিলেখ গঢ়িলে মীৰাবায়ে। ক্লিন এণ্ড জাৰ্কতো ১১৩ কিলোগ্ৰাম ওজন তুলি কমনৱেলথ গেমছৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। গতিকে, তেওঁ মুঠ ২০১ কিলোগ্ৰাম ওজন তুলি কমনৱেলথ গেমছৰ অভিলেখ গঢ়িলে। স্নেচত নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ১২ কেজি আগবাঢ়িল চানু। ক্লিন এণ্ড জাৰ্কৰ পিছত তেওঁ ৰূপ বিজয়ী তাৰকাৰ পৰা ২৯ কেজিৰ ব্যৱধান সৃষ্টি কৰে। এনে প্ৰদৰ্শনৰ পিছত চানুৱে স্পষ্টভাৱে স্বীকাৰ কৰে যে বাৰ্মিংহামত সোণৰ পদক লাভ কৰিব বুলি তেওঁ আত্মবিশ্বাসী। কিন্তু তেওঁৰ সংগ্ৰাম আছিল নিজকে অতিক্ৰম কৰা। চানুৱে কয়— “অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ পিছত কমনৱেলথ গেমছ বহুত সহজ যেন লাগিছে। মোৰ আত্মবিশ্বাস আছিল। ইয়াত মোৰ লক্ষ্য আছিল মোৰ নিজৰ অভিলেখ ভংগ কৰা, যিটো মই চাৰি বছৰ আগতে গোল্ড কোষ্টত গঢ়িছিলোঁ। স্নেচৰ লক্ষ্য আছিল ৯০ কিলোগ্ৰাম। সেইটো পূৰ্ণ নহ’ল। কিন্তু আত্মবিশ্বাস বাঢ়িছে। বাৰ্মিংহামত দেশখনলৈ প্ৰথমটো সোণ আনিবলৈ পাই ভাল লাগিছে।”