যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত নগাঁও শ্ৰেষ্ঠ: শোণিতপুৰ দ্বিতীয়

0 18

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: যোৱা ১৯-২১আগষ্টলৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা ২৫সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ অসম ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ২০২২ৰ যোৱানিশা সফল সমাপ্তি ঘটিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰ জিলা যোগ সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰু ৰাজ্যৰ প্ৰায় ৩৫০জন প্ৰতিযোগীয়ে অংশ লোৱা প্ৰতিযোগিতাখনত নগাঁও দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ আনহাতে শোণিতপুৰে দ্বিতীয় আৰু দৰঙে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ আনহাতে,শ্ৰেষ্ঠ শৃংখলাৱদ্ধ দলৰ সন্মান লাভ কৰে কামৰূপ মেট্ৰ’ দলে৷ প্ৰতিযোগিতাখনত ছোৱালীৰ ছাৱ জুনিয়ৰ শাখাত নগাঁৱৰ উদিতা ৰাণী বৰাই শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰাৰ বিপৰীতে চাৱজুনিয়ৰ ল’ৰাৰ শাখাত নগাঁৱৰ চায়ন কৰ্মকাৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে ৷ আনহাতে ছোৱালীৰ জুনিয়ৰ শাখাত শোণিতপুৰৰ ভাস্বতী বৰুৱাই প্ৰথম আৰু ল’ৰাৰ শাখাত নগাঁৱৰ প্ৰিয়ম বৰাই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷ প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী অনুষ্ঠানত তেজপুৰ জিলা ক্ৰিকেট সন্হাৰ উপসভাপতি ৰূপকমল কাকতিক শোণিতপুৰ জিলা যোগ সন্হাৰ তৰফৰ পৰা শ্ৰেষ্ঠ ক্রীড়া সংগঠকৰ বঁটা আগবঢ়োৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.