যোৰহাটত অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ অধিৱেশন সম্পন্ন

লুইত কুমাৰ শইকীয়া আৰু শ্ৰীমন্ত মাধৱ দত্ত অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ সভাপতি-সম্পাদকৰূপে নিৰ্বাচিত

0 22

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৮ মে : সদৌ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি ২৭ মেত অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত অনুষ্ঠিত হয় । ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহৰ কৰ্মচাৰীসকলৰ ঐক্যমঞ্চ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ অধিবেশনৰ কাৰ্যসূচীত পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে সভাপতি পৰাগ শইকীয়াই আৰু ,শ্বহীদ তৰ্পণ কৰে সম্পাদক অকন ৰয়ে। পুৱা মহাসংঘৰ কাৰ্যনিৰ্বাহক সভাৰ লগতে জাতীয় পৰিষদৰ সভা অনুষ্ঠিত হয়।এই সভাত অসমৰ বিশ্ববিদ্যালয়ৰ সমূহৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।প্ৰতিনিধি সভাই লুইত কুমাৰ শইকীয়াক সভাপতি, শ্ৰীমন্ত মাধৱ দত্তক সাধাৰণ সম্পাদক, বিকাশ ৰঞ্জন গোস্বামীক সাংগঠনিক সম্পাদক,দীপাংকৰ ডেকাক কোষাধ্যক্ষ আৰু জুনু বৰাক সাহিত্য সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰে।দিনৰ দুই বজাত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে পৰাগ শইকীয়াই।বন্তি প্ৰজ্বলনেৰে সভাখন উদ্বোধন কৰে মহাগাণনিক ডক্টৰ নিলোৎপল বৰঠাকুৰে। সভাখনত অংশগ্ৰহণ কৰে মহাসংঘৰ প্ৰাক্তন সভাপতি বলীন নাথ, প্ৰদীপ ৰাজবংশী, সৰ্বভাৰতীয় বিশ্ববিদ্যালয় কৰ্মচাৰী সংঘৰ প্ৰতিনিধি ভগৱন্ত বড়ো,নৱ কলিতা,ভৱানন্দ বৰ্মন,মহেন্দ্ৰ খনিকৰ, কামিনী দত্তকে আদি কৰি বহুজন ব্যক্তিয়ে।ভাষণত কেবাজনো বক্তাই আপোচবিহীন ভাৱে আগন্তক দিনত অসমৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলৰ নায্য দাবী সমূহ উপস্থাপন কৰাৰ বাবে মহাসংঘই প্ৰচেষ্টা চলাই যাব বুলি আশা প্ৰকাশ কৰে । ভাষণত নৱ নির্বাচিত সাধাৰণ সম্পাদক শ্ৰীমন্ত মাধৱ দত্তই আগন্তুক দিনত মহাসংঘক অধিক শক্তিশালী কৰি আপোচবিহীন ভাৱে কৰ্মচাৰীৰ দাবী সমূহ আগুৱাই লৈ যোৱা হব বুলি ঘোষণা কৰে।সন্ধ্যা এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানেৰে দিনজোৰা কাৰ্য্যসূচী সম্পূৰ্ণ হয়।অধিবেশনখনি সফলতাৰে সম্পূৰ্ণ হোৱাত উদ্যোক্তা অসম কৃষি বিশ্ববিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী সন্থা,গাণনিক সেৱা সন্থা,চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থা আৰু চালক সন্থাৰ তৰফৰ পৰা সকলোলৈকে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.